বিহপুৰীয়া,25 ছেপ্তেম্বৰ:ৰাজ্যজুৰি চৰকাৰী ভূমি বে-দখলকাৰীৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসন কঠোৰ হৈ পৰাৰ সময়তে নাৰায়ণপুৰত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । প্ৰশাসনৰ চকুৰ সন্মুখতে বে-দখলকাৰীৰ কবলত শ শ বিঘা চৰকাৰী ভূমি । নাৰায়ণপুৰ পৌৰসভাৰ ছয় নম্বৰ ৱাৰ্ডৰ কেইবা শ বিঘা চৰকাৰী গ্ৰেজিং মাটি বে-দখল কৰি সন্দেহজনক লোকে গাঁও পতাৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখযোগ্য যে, নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নাতিদূৰত থকা বৃহৎ পৰিমানৰ চৰকাৰী গ্ৰেজিং ভূমিত একাংশ ভূ-মাফিয়াই বে-দখল কাৰ্যত লিপ্ত কৰাইছে ভাৰাতীয়া লোকক ৷ পৌৰসভা এলেকাৰ মাজেৰে বৈ যোৱা মৰিডিক্ৰং নদীৰ পাৰত থকা শ শ বিঘা মাটি দখল কৰি পকী ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছে বে-দখলকাৰীয়ে ।
ভূ-মাফিয়াই প্ৰত্যক্ষভাৱে বে-দখলত জড়িত নহৈ একাংশ সন্দেহজনক তথা ঘৰত বনকৰা লোকৰ দ্বাৰা বেদখল কৰোৱাই বসতি স্থাপন কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ এইক্ষেত্ৰত সম্পূৰ্ণ নীৰব লখিমপুৰ জিলা প্ৰশাসন । আনহাতে একাংশ ৰাজনৈতিক নেতাই নিজ স্বাৰ্থ পূৰণৰ বাবে বে-দখলকাৰীক উৎসাহ প্ৰদান কৰা আৰু চৰকাৰী ভাৱে অনাময় আঁচনি, পকী পথ পৰ্যন্ত নিৰ্মাণ কৰাই দিছে উক্ত অঞ্চলত ৷