বিদেশৰ বজাৰ দখলৰ লক্ষ্য বৰপেটাৰ এদল থলুৱা উদ্যোগী আৰু কৃষক

author img

By

Published : Sep 25, 2021, 3:38 PM IST

export exhibiition at barpeta

বিদেশৰ বজাৰ দখলৰ লক্ষ্য এদল থলুৱা ব্যৱসায়ীৰ ৷ ৰপ্তানি বাণিজ্যৰে উজলিছে বৰপেটা জিলাৰ উদ্যোগী আৰু কৃষকসকল ৷ বৰপেটাৰ নেমুৱে দখল কৰিছে ব্ৰিটেইনৰ বজাৰ ৷

বৰপেটা,25 ছেপ্টেম্বৰ: বৰপেটাৰ কৃষিজাত আৰু থলুৱা হস্তশিল্পৰ সামগ্ৰী ৰপ্তানিৰে বিদেশৰ বজাৰ দখলৰ পৰিকল্পনা বৰপেটা জিলা প্ৰশাসন আৰু ঔদ্যোগিক নিগমৰ ৷ ৰাজ্যৰ কৃষক আৰু হস্তশিল্পীৰ উৎপাদিত সামগ্ৰী কিদৰে বিদেশলৈ ৰপ্তানি কৰিব পাৰি, সেই সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে শুকুৰবাৰে বৰপেটাৰ অফিচাৰছ ক্লাৱত অনুষ্ঠিত হয় এখন ৰপ্তানি সন্মিলন । স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসন আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হয় এই সন্মিলনখন ৷

এই সন্মিলনত জিলাখনৰ কৃষক আৰু থলুৱা হস্তশিল্পীসকলে অংশগ্ৰহন কৰে ৷ লগতে জিলাখনৰ কৃষক আৰু থলুৱা হস্তশিল্পীসকলে বিদেশৰ বজাৰলৈ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা অৰ্জনৰ কথা অৱগত কৰে ৷ আনকি বৰপেটাৰ নেমুৱে ব্ৰিটেইনৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ এই কথা সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷

বিদেশৰ বজাৰ দখলৰ লক্ষ্য বৰপেটাৰ এদল থলুৱা উদ্যোগী আৰু কৃষক

লগতে পঢ়ক: মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

তাৰোপৰি সৰ্থেবাৰীৰ কাঁহ-পিতলৰ সামগ্ৰী, বৰপেটাৰ বাঁহ শিল্প, তামোলৰ ঢকুৱাৰ প্লেটে দেশৰ সীমা অতিক্ৰম কৰি বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ আনকি বৰপেটাৰ তামোলৰ ঢকুৱাৰ প্লেট ইংলেণ্ড, অষ্ট্ৰেলিয়া, জাপান আদি দেশলৈ নিয়মীয়াকৈ ৰপ্তানি হয় বুলিও জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে । এই সভাতে থলুৱা সামগ্ৰীৰ ৰপ্তানি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰতো আলোচনা কৰা হয় ৷

আনহাতে, এই ৰপ্তানি সন্মিলনখনত জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ মহা প্ৰবন্ধক ৰিতুমণি পাছানীয়ে পাৱাৰ প‌ইন্ট উপস্থাপনৰ জৰিয়তে ৰপ্তানি বাণিজ্যৰ বিভিন্ন সম্ভাৱনা আৰু সুযোগ-সুবিধাৰ বিষয়ে উল্লেখ কৰে । জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত এই ৰপ্তানি সন্মিলনখনত কেইবাগৰাকীও থলুৱা ৰপ্তানি বাণিজ্যৰ সৈতে জড়িত উদ্যোগীও উপস্থিত থাকে ৷ লগতে এই উদ্যোগীসকলে তেওঁলোকৰ ৰপ্তানি বাণিজ্যৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়েও উল্লেখ কৰে ৷

লগতে পঢ়ক: লখিমপুৰত পৌৰসভাৰ বিৰুদ্ধে বৰেণ্য সাহিত্যিকক অপমান কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.