অসম

assam

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত AJYCP ৰ প্ৰতিবাদ

By

Published : Sep 24, 2021, 3:29 PM IST

protest

সমগ্ৰ ৰাজ্যতে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে । লখিমপুৰ জিলাও পৃথক নহ'ল । উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কি কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা-কৰ্মীসকলে ?

লখিমপুৰ,২৪ ছেপ্তেম্বৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ (Subansiri Hydropower Project) নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত বিভিন্ন সংগঠনৰ লগতে দীৰ্ঘদিনৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও (Ajycp) প্ৰতিবাদ অব্যাহত ৰাখিছে । কিন্তু শেহতীয়াকৈ ২১ ছেপ্টেম্বৰত তেনে এক প্ৰতিবাদৰ মাজতে গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । গণতান্ত্ৰিক আন্দোলনক অন্যায়ভাৱে আৰক্ষীয়ে দমন কৰাৰো অভিযোগ উঠিছে ।

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত AJYCPৰ প্ৰতিবাদ

এই অভিযোগ লৈয়ে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো অনুৰূপ প্ৰতিবাদৰ আয়োজন কৰে সংগঠনটোৱে । বৃহৎ নদী বান্ধৰ নিৰ্মাণ কাৰ্যৰ লগতে গোগামুখৰ উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ লখিমপুৰ জিলাৰ সদস্যসকলে ।

তেওঁলোকে এক প্ৰতিবাদী সমদলৰ আয়োজন কৰে আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । বিগত নিৰ্বাচনৰ পূৰ্বে সোৱণশিৰি প্ৰকল্প বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি পাছত পুঁজিপতি গোষ্ঠীৰ পৰা কোটি কোটি টকা লৈ বান্ধটো চৰকাৰে নিৰ্মাণ কৰাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰীৰ অভিযোগ বৃহৎ বান্ধ নিৰ্মাণেৰে লখিমপুৰ, ধেমাজি তথা মাজুলীবাসীক চৰকাৰে হত্যা কৰিবলৈ চেষ্টা কৰিছে আৰু এই কাৰ্য কৰিবলৈ সংবিধানে চৰকাৰক অধিকাৰ দিয়া নাই বুলি ক্ষোভ উজাৰে সংগঠনৰ নেতাসকলে । এয়া বৃহৎ নদী বান্ধৰ বিৰুদ্ধে শেষ ৰণ বুলিও অভিহিত কৰে প্ৰতিবাদকাৰী সকলে । ২১ ছেপ্টেম্বৰত গোগামুখত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা নিৰ্যাতনৰ ঘটনাক গৰিহণা দিয়ে সংগঠনটোৱে । লগতে এনে কাৰ্যৰ পৰা চৰকাৰক ভৱিষ্যতে দূৰৈত থকাৰ বাবেও সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক :বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCPৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details