বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCPৰ প্ৰতিবাদ

By

Published : Sep 24, 2021, 8:23 AM IST

thumbnail

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীক জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াত ৰাজপথতে বহি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদ সাব্যস্ত কৰে । এন টি ৰ'ডৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, প্ৰতিবাদকাৰীক জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াত প্ৰতিবাদকাৰীসকলে ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশেষত অতিৰিক্ত উপায়ুক্ত ওলাই অহাতহে ক্ষান্ত হয় প্ৰতিবাদকাৰীসকল ৷ শীঘ্ৰে বৃহৎ নদীবান্ধ বন্ধৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.