অসম

assam

মুনমুন ব্ৰহ্মৰ অভিযোগ ভিত্তিহীন: বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

By

Published : Sep 26, 2022, 10:14 PM IST

Pramod Boro distributes letters of approval and appointment in Kokrajhar

বিটিআৰত ১২৪ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ২৩ গৰাকী স্নাতকোত্তৰ শিক্ষকক অনুমোদন-নিযুক্তি পত্ৰ বিতৰণ প্ৰমোদ বড়োৰ(Pramod Boro distributes letters of approval and appointment) ৷ বিটিআৰত পৰিষদীয় চৰকাৰে অত্যাধুনিক ১০ টা চিনেমাহল নিৰ্মাণৰ আশ্বাস বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ হাগ্ৰামাৰ খুলশালী মুনমুন ব্ৰহ্মৰ অভিযোগক ভিত্তিহীন আখ্যা প্ৰমোদ বড়োৰ ৷

কোকৰাঝাৰ ২৬ ছেপ্টেম্বৰ:দীৰ্ঘদিন ধৰি বিনাবেতনে কাম কৰি অহা বিটিআৰৰ একাংশ অপ্ৰাদেশীকৃত অনা শিক্ষক-কৰ্মচাৰীৰ সকলৰ বাবে শাৰদীয় দুৰ্গোৎসৱৰ বতৰে কঢ়িয়াই আনিছে আনন্দৰ বতৰা (Pramod Boro distributes letters of approval and appointment) ৷ বিটিআৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা সোমবাৰে ১২৪ গৰাকী চতুৰ্থ বৰ্গৰ অনা শিক্ষক-কৰ্মচাৰীক পদ প্ৰাদেশিকীকৰণৰ অনুমোদন পত্ৰ বিতৰণ কৰে ৷

ইয়াৰ লগতে বিটিআৰৰ শিক্ষা বিভাগে আজি হাই ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ২৩ গৰাকী স্নাতকোত্তৰ শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ বিটিআৰৰ বিধান পৰিষদীয় ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত চতুৰ্থ বৰ্গৰ অনা শিক্ষক-কৰ্মচাৰী আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ মাজত আনুষ্ঠানিকভাৱে পদ প্ৰাদেশিকীকৰণ অনুমোদন আৰু নিযুক্তি পত্ৰ বিতৰণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই (BTR Legislative Assembly building auditorium) ৷

মুনমুন ব্ৰহ্মৰ অভিযোগ ভিত্তিহীন: বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰমোদ বড়োই বিটিআৰত সকলো শিক্ষক-কৰ্মচাৰীক বিদ্যালয়লৈ অহা যোৱাৰ নিৰ্ধাৰিত সময়সূচী মানি চলিবলৈ আহ্বান জনায় ৷

লগতে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত খাম খেয়ালি নচলিব বুলি বিদ্যালয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিক সৰ্তকবাণী প্ৰদান কৰে ৷ বড়োই বিটিআৰত গুণগত শিক্ষাদানৰ লক্ষ্যৰে এজন শিক্ষকে চলোৱা বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষক অধিক থকা বিষয়টো চালিজাৰি চাই অচিৰেই ইয়াক ঠিক ঠাক কৰা হ’ব বুলি সদৰি কৰে ৷ বিটিআৰত স্নাতকোত্তৰ শিক্ষকৰ লগতে চতুৰ্থ বৰ্গৰ খালী পদ পূৰণ কৰা আৰু ১৯৯৯ বৰ্ষৰ ৰৈ যোৱা নিযুক্তিসমূহ শীঘ্ৰে প্ৰদানৰ আশ্বাস দিয়ে ৷

আনপিনে বিটিআৰত সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নতিৰ বাবে বিটিআৰ এলেকাত ২০০ আসনবিশিষ্ট ১০ টা অত্যাধুনিক চিনেমাহল নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি প্ৰমোদ বড়োই চলিত বৰ্ষত ৫ টা আৰু অহা বৰ্ষত আন পাঁচটা চিনেমাহ'ল নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস দিয়ে(Promised to construct ten cinemas hall in BTR) ।

মুনমুন ব্ৰহ্মৰ অভিযোগ ভিত্তিহীন: বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

তদুপৰি, পৰ্বতঝোৰা সমষ্টিৰ এমএলএ তথা হাগ্ৰামা মহিলাৰীৰ খুলশালী মুনমুন ব্ৰহ্মই বিটিআৰ চৰকাৰ আৰু ইউপিপিএলৰ বিৰুদ্ধে কৰা অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰি প্ৰমোদ বড়োই মুনমুন ব্ৰহ্মক কঠোৰ ভাষাৰে সমালোচনা কৰে(BPF President Hagrama Mahilary) ।

১৭ বছৰ শাসনত থাকি ২৯০০ কোটিৰ ঋণ এৰি যোৱা হাগ্ৰামা মহিলাৰীৰ দিনত পৰ্বতঝোৰা সমষ্টিৰে একো উন্নয়ন হোৱা নাছিল বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে কয় যে, মুনমুন ব্ৰহ্মই সদনৰ বাহিৰে ভিতৰে দেখুওৱা ভূমিকা অত্যন্ত নিৰাশাজনক আৰু জনপ্ৰতিনিধি হিচাপে গৰিহণাৰ যোগ্য । নিজৰ সমষ্টিৰ বাবে কাম কৰিবলৈ মুনমুন ব্ৰহ্মক আহ্বান জনাই প্ৰমোদ বড়োই কয় যে, যোৱা চৰকাৰৰ আমোলত সংঘটিত হোৱা দুৰ্নীতি কেগে ইতিমধ্যে উদঙাই দিছে ।

মুনমুন ব্ৰহ্মৰ অভিযোগ ভিত্তিহীন: বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

উল্লেখ্য যে, বিটিআৰৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই সঞ্চলনা কৰা আজিৰ নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জাৰী, বিটিআৰৰ পাৰিষদ মাধৱ ছেত্ৰী, সজল দাস, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী আৰু বিটিআৰৰ শিক্ষা সচিব অমৰজ্যোতি বৰ্মন উপস্থিত আছিল ৷

লগতে পঢ়ক:পাচনৈৰ বুকুত অব্যাহত অবৈধ শিল-বালিৰ খনন: ক্ষুব্ধ স্থানীয় ৰাইজ

ABOUT THE AUTHOR

...view details