পাচনৈৰ বুকুত অব্যাহত অবৈধ শিল-বালিৰ খনন: ক্ষুব্ধ স্থানীয় ৰাইজ

author img

By

Published : Sep 26, 2022, 9:31 PM IST

illegal-rock-and-sand-mining-in-orang-in-Odalguri

ওৰাঙৰ পাচনৈত অব্যাহত আছে শিল-বালি মাফিয়াৰ দপদপনি (Illegal rock and sand mafia in Orang) ৷ বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে কিছুদিন খনন বন্ধ আছিল যদিও একাংশ বন বিষয়াক মেনেজ কৰি পুনৰ আৰম্ভ কৰিছে শিল-বালিৰ অবৈধ খনন কাৰ্য । ফুটুকাৰ ফেনত পৰিণত হ'ল বন বিভাগে ৰাইজক দিয়া প্ৰতিশ্ৰুতি । ৰাইজে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ৰৌতা, 26 ছেপ্টেম্বৰ: ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন সংমণ্ডলৰ অন্তৰ্গত ওৰাং স্থিত পাচনৈ নদীৰ বিভিন্ন ঠাইত মাফিয়াই অব্যাহত ৰাখিছে শিল-বালিৰ বৃহৎ চিণ্ডিকেট (Sand syndicate in Orang) । বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে শিল-বালিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে জিলা আৰু মাজবাট আঞ্চলিক বন বিভাগ ।

অভিযোগ মতে, বিভাগীয় বিষয়াক মেনেজ কৰি বছৰ-বছৰ ধৰি এনেদৰে চিণ্ডিকেট চক্ৰই চলাই গৈছে ৰমৰমীয়া বেহা । স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে(Allegation against maajbaat forest range officer) ।

উল্লেখ্য যে, মাজবাট-ওৰাঙৰে বৈ যোৱা পাচনৈ নদীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ শিল-বালিৰ কয়েৰি । ইয়ে ওৰাঙৰ ১ নং শইকীয়া চুবুৰী, বালিগাঁও আদি কেইবাটাও অঞ্চললৈ বিপদ মাতি আনিছে ।

শিল-বালি,মাটি খনন কৰাৰ ফলত নদীখনৰ গতিপথ সলনি হৈ উক্ত গাঁও কেইখনৰ দিশে যোৱাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে । দুখীয়া গঞাৰ মাটি-ভেটি ,স্কুল ,ধৰ্মীয় অনুষ্ঠান গৰাখহনীয়াই উটোৱাই লৈ যোৱাৰ উপক্ৰম হৈছে । প্ৰতিদিনেই চিণ্ডিকেট চক্ৰৰ নেতৃত্বত অবৈধ মহলসমূহৰ পৰা শ-শ গাড়ী শিল-বালি খনন কৰি লোৱাৰ ফলতে গাঁওকেইখনলৈ অশনি সংকেত নামি আহিছে ।

পাচনৈৰ বুকুত অব্যাহত অবৈধ শিল-বালিৰ খনন: ক্ষুব্ধ স্থানীয় ৰাইজ

তদুপৰি অবাধে শিল-বালি কঢ়িওৱা গাড়ীৰ চলাচলে বিধ্বস্ত কৰি পেলাইছে স্থানীয় ৰাস্তা-ঘাট । ফলত স্থানীয় ৰাইজ সন্মুখীন হৈছে ব্যাপক সমস্যাৰ । ওৰাঙৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ শিল-বালিৰ মহলৰ লগতে মাফিয়াৰ গুণ্ডাগিৰীৰ বিৰুদ্ধে বিগত ২৪ জুলাইৰ দিনা সংবাদ মাধ্যমসমূহত সবিস্তাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল ।

বাতৰি সম্প্ৰচাৰৰ পিছদিনাই অৰ্থাৎ ২৫ জুলাইৰ দিনা ওদালগুৰি জিলা বন বিভাগৰ ACF(Assistant conservator of forest)ৰ নেতৃত্বত মাজবাট আঞ্চলিক বন সংমণ্ডলৰ ৰেঞ্জাৰসহ এটি দল পাচনৈৰ অবৈধ খননস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল । বন বিভাগৰ লোকে উক্ত স্থানত অবৈধ খননকাৰ্য বন্ধ কৰাৰ লগতে অবৈধ মহল (কোঁৱেৰী) সমূহো বন্ধ কৰা হ’ব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছিল ।

সমান্তৰালকৈ শিল-বালি কঢ়িয়াই লৈ যোৱা ট্ৰাক বন্ধ কৰি দিবলৈ সংশ্লিষ্ট মহলক নিৰ্দেশ দিছিল । কিন্তু সময়ত সেয়া যেন ফুটুকাৰ ফেনত পৰিণত হ'ল । পাচনৈ নদীৰ বিভিন্ন প্ৰান্তত পুনৰবাৰ অবৈধ শিল-বালিৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন হৈছে । বন আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি প্ৰতিদিনেই মাফিয়াই চলাই গৈছে শিল-বালিৰ অবৈধ বেহা ।

এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকাও সন্দেহৰ আৱৰ্তত বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে ! বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো মাজবাট আঞ্চলিক বন সংমণ্ডলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰহস্যৰ সৃষ্টি হৈছে । একাংশ বন বিষয়াক মেনেজ কৰি চিণ্ডিকেট চক্ৰই অবৈধ বেহা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে(Illegal rock and sand mining in orang in Dibrugarh) ।

উপায়ন্তৰ হৈ অতিষ্ঠ ৰাইজে নিজৰ ভেটি-মাটিখিনি গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত শিল-বালি কঢ়িয়াই লৈ যোৱা ৰাস্তা বাঁহ বান্ধি বন্ধ কৰি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰে ।

লগতে পঢ়ক: চাকৰি নিয়মীয়াকৰণৰ দাবীত বৰপেটাত শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.