চাকৰি নিয়মীয়াকৰণৰ দাবীত বৰপেটাত শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদমেল

author img

By

Published : Sep 26, 2022, 5:50 PM IST

barpeta
barpeta ()

সমগ্ৰ অসমত প্ৰায় পাঁচ হাজাৰ লোকে বিনা বেতন আৰু নিম্ন মজুৰিত অস্থায়ীভাৱে এপিডিচিএলত (APDCL) পোন্ধৰ/বিশ বছৰ ধৰি সেৱা আগবঢ়াই থকা বুলি উল্লেখ কৰে । লগতে তেওঁ এইসকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি অতি সোনকালেই নিয়মীয়াকৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰীলৈ দাবী উত্থাপন কৰে (Assam power distribution company limited) ।

বৰপেটা ২৬ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত সোমবাৰে শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য আদায়ৰ বাবে এক সংবাদমেল সম্বোধন কৰে (power workers union press meet in Barpeta) । আছাম ষ্টেট আউটছ'ৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ (Assam State outsource power workers union) বৰপেটা চাৰ্কোলৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত সংবাদমেল ।

সংগঠনটোৰ বৰপেটা চক্ৰৰ সভাপতি গজেন্দ্ৰ নাথ হালৈয়ে সম্বোধন কৰে উক্ত সংবাদমেল । উক্ত সংবাদমেলত গজেন্দ্ৰ নাথ হালৈয়ে বৰপেটা চক্ৰকে ধৰি সমগ্ৰ অসমত প্ৰায় পাঁচ হাজাৰ লোকে বিনা বেতন আৰু নিম্ন মজুৰিত অস্থায়ীভাবে এপিডিচিএলত (APDCL) পোন্ধৰ/বিছ বছৰ ধৰি সেৱা আগবঢ়াই থকা বুলি উল্লেখ কৰে । লগতে তেওঁ এইসকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি অতি সোনকালেই নিয়মীয়াকৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰীলৈ দাবী উত্থাপন কৰে (Assam power distribution company limited) ।

চাকৰি নিয়মীয়াকৰণৰ দাবীত বৰপেটাত শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদমেল

উল্লেখ্য, পূৰ্বতে সংগঠনটোৰ তৰফৰ পৰা বিভাগীয় মন্ত্ৰী তথা চৰকাৰলৈ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও এতিয়ালৈকৈ কোনো সুফল লাভ কৰা নাই এপিডিচিএলৰ অস্থায়ী কৰ্মচাৰীসকলে (APDCL workers memorandum to power department) । পূৰ্বৰ শক্তিমন্ত্ৰী বিমল বৰাৰো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে আৰু বৰ্তমানৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচায়ো এইক্ষেত্ৰত কোনো কাণসাৰ দিয়া নাই বুলি সংবাদমেলত মন্তব্য কৰে ।

আনহাতে, শক্তি বিভাগত নতুন নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা কথাৰ আঁত ধৰি সংবাদমেলত সভাপতিগৰাকীয়ে কয় যে এই নিযুক্তি প্ৰক্ৰিয়াত এপিডিচিএলত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ সংগঠনটোৰ বিষয়ববীয়াই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে (APDCL workers urged CM to post regularization) ।

লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সম্পূৰ্ণ আস্থা থকাৰ কথাও উল্লেখ কৰে সংবাদমেলত । আনহাতে, এইসকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি যদি অতি সোনকালে নিয়মীয়াকৰণ কৰা নহয় তেন্তে পৰৱৰ্তী পৰ্যায়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও মন্তব্য কৰে । সংবাদমেলত সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :সুৰাপায়ীৰ দাৰ ঘাপত ধৰাশায়ী শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.