সুৰাপায়ীৰ দাৰ ঘাপত ধৰাশায়ী শিক্ষক

author img

By

Published : Sep 26, 2022, 3:41 PM IST

Teacher stabbed to death by drunk man

সোণাৰিৰ টিঙালীবাম প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়ৰ ভিতৰত সোমাই গৈ সুৰাপায়ীয়ে ঘপিয়ালে শিক্ষকক (Teacher stabbed to death by drunk man) ৷

মৰাণ, 26 ছেপ্টেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰিত দিন দুপৰতে ভয়ংকৰ ঘটনা সংঘটিত হয় (Crime case in Assam) ৷ এখন বিদ্যালয়ৰ ভিতৰত সোমাই গৈ সুৰাপায়ীয়ে ঘপিয়ালে শিক্ষকক (Attempt to murder at Sonari ) ৷ সোণাৰিৰ টিঙালীবাম প্ৰাথমিক বিদ্যালয়ত সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনা (Teacher stabbed to death by drunk man)৷

ঘটনা অনুসৰি চৰাইদেউ জিলাৰ সোণাৰি টিঙালীবাম প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় চলি থকাৰ সময়তে এজন সুৰাপায়ী লোক অতৰ্কিতে সোমাই আহি পোণচাতেই গৈ শিক্ষক এগৰাকীক দাৰে ঘপিয়াই দিয়ে ৷ মুনু প্ৰজাৰ দাৰ ঘাপত ধৰাশায়ী হয় বিদ্যালয়খনৰ শিক্ষক তুলসী সন্দিকৈ ৷

সুৰাপায়ীৰ দাৰ ঘাপত ধৰাশায়ী শিক্ষক

লগে লগে বিদ্যালয়খনত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিদ্যালয় কৰ্তৃপক্ষই সংকটজনক অৱস্থাত শিক্ষক তুলসীক সোণাৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ বৰ্তমান সংকটজনক অৱস্থা আছে শিক্ষকজন ৷

ইতিমধ্য সোণাৰি আৰক্ষীয়ে আটক কৰিছে সুৰাপায়ী মুনু প্ৰজাক (Police arrested accused) ৷ অৱশ্যে কি কাৰণে এই ঘটনা সংঘটিত হ'ল এতিয়ালৈ পোহৰলৈ অহা নাই ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত মুনু প্ৰজাই অত্যধিক সুৰাপান কৰি আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মহানগৰীত বলেৰ' বাহনৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.