শেহতীয়াকৈ মণিপুৰত আটক চাৰি কুকি উগ্ৰপন্থীৰ লগতে এজন শীৰ্ষ NSCN-IM কেডাৰ ৷ ধৃত দলটোৰ পৰা মাৰণাস্ত্ৰৰ লগতে সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে চলোৱা আন এক অভিযানত অসম ৰাইফলছে মণিপুৰৰ সেনাপতি জিলাৰ মাৰামত 2 নং ৰাষ্ট্ৰীয় ঘাইপথত National Socialist Council of Nagalim অৰ্থাৎ ইছাক মুইভাৰ এজন শীৰ্ষ কেডাৰক আটক কৰে ৷
পৰ্যটকৰ বাবে একপ্ৰকাৰ স্বৰ্গস্বৰূপ হায়দৰাবাদস্থিত ৰামোজী ফিল চিটিলৈ তেলেংগানা চৰকাৰে আগবঢ়াইছে ৰাজ্যিক পৰ্যটন বঁটা ৷ 27 ছেপ্তেম্বৰত পৰ্যটন দিৱসৰ প্ৰাকমূহুৰ্তত তেলেংগানা চৰকাৰে ঘোষণা কৰিছে এই বঁটা প্ৰাপকৰ নাম ৷
27 ছেপ্তেম্বৰত উদযাপন কৰিবলগীয়া বিশ্ব পৰ্যটন দিৱস (World Tourism Day)ৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে(Sonitpur District Administration) দুদিনীয়া কাৰ্যসূচীৰে লক্ষ্যস্থান তেজপুৰ নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰিছে ৷
ডিমাচা জনগোষ্ঠী(Dimasa Tribe)ৰ পৰম্পৰাগত পানীয় ‘জুডিমা’(Judima)লৈ Geographical Indication ৰ স্বীকৃতি প্ৰদান ৷ এই সাফল্য লাভ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে(Assam Agricultural University) ৷
সম্প্ৰতি বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত শয্যাশায়ী হৈ আছে সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক জগন্নাথ বায়ন ৷ সংগীত নাটক একাডেমী বঁটা প্ৰাপক জগন্নাথ বায়নৰ স্বাস্থ্যৰ বুজ ল’বলৈ শনিবাৰে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ ৮১ তম খণ্ডত ভাষণ প্ৰদান কৰিব ৷ এয়া AIR আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কত আৰু AIR News ত সম্প্ৰচাৰ কৰা হ'ব ৷
পৃথিৱীৰ 70 শতাংশ অঞ্চল পানীৰে আৱৰি থাকিলেও ইয়াৰ 1 শতাংশতকৈও কম পানী আমি নিজৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিব পাৰো ৷ তেনেস্থলত দৈনিক ভয়াৱহ হাৰত বৃদ্ধি পোৱা জল প্ৰদূষণে জীৱৰ বাবে কেনেধৰণৰ বিপদ কঢ়িয়াই আনিব পাৰে, সেয়া নিশ্চিতভাৱে অনুমেয় ৷ গতিকে এটি বিশেষ দিনত আমাক এই প্ৰদূষণ ৰোধ কৰাৰ লগতে ইয়াৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰোৱাৰ বাবেই প্ৰতিবছৰে ছেপ্তেম্বৰৰ চতুৰ্থটো দেওবাৰে উদযাপন কৰা হয় বিশ্ব নদী দিৱস ৷
তিনিটাকৈ চোৰাং গৰুসহ দুজনক আটক ছয়গাঁও আৰক্ষী(Chhaygaon Police)ৰ ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ৷
ৰূপহীহাটত নিশা নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তীৰ খেলৰ বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানত আটক দুই তীৰ খেলৰ মাফিয়া ৷
কাৰ্বি আংলং জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰেপৰা চুক্তিখনৰ বিৰোধিতাৰে জিলাখনত বাহাল আছে উত্তপ্ত পৰিস্থিতি ৷ ইয়াৰ মাজতে শনিবাৰে সন্ধিয়া ডিফু চহৰত এপিএইচএলচি(APHLC)ৰ এক জোৰ সমদলক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷