ETV Bharat / state

চাংচোৱা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শ্ৰমিক দিৱস উদযাপন - Labour Day 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 9:02 PM IST

INTERNATIONAL LABOUR DAY
আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ কাৰ্যসূচী

চাহ মজদুৰ সংঘৰ উদ্যোগত চাংচোৱা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বুধবাৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয় ৷ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আদি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় এই দিৱস ৷

আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

যোৰহাট, 1 মে’ : আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো পালন কৰা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ প্ৰত্যেকজন শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ দাবীত প্ৰতি বছৰে 1 মে'ৰ দিনটোত আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় ৷ সমগ্ৰ বিশ্বৰ শোষিত, বঞ্চিত শ্ৰমিকৰ বাবে এয়া হৈছে স্ব-অধিকাৰ সাব্যস্ত কৰাৰ দিন ৷ শ্ৰমৰ বিনিময়ত শ্ৰমিকসকলে পাবলগীয়া তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ হকে যুঁজি যাবলৈ অংগীকাৰ লোৱাৰ দিন ৷

অসম চাহ মজদুৰ সংঘৰ যোৰহাট জিলাৰ শাখাৰ উদ্যোগত আৰু বৃহত্তৰ চাহ শ্ৰমিক ৰাইজৰ সহযোগত চাংচোৱা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বুধবাৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয় ৷ এই দিৱস উপলক্ষে ৰাজহুৱা প্ৰেক্ষাগৃহত সহ্ৰাধিক চাহ জনগোষ্ঠীৰ লোক সমবেত হয় ৷ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আদি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় এই দিৱস ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই কাৰ্যসূচীত চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ বিষয়বীয়া সহিতে বিভিন্ন ক্ষেত্ৰত জড়িত থকা ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷ বুধবাৰে চাংচোৱা চাহ বাগিচাত অনুষ্ঠিত শ্ৰমিক দিৱসত বিশেষত দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকলে ভুমি পট্টাৰ পৰা বঞ্চিত হোৱাৰ লগতে বিভিন্ন প্ৰাপ্য আৰু সমস্যাৰ বিষয়ে আলোকপাত কৰে ৷ তদুপৰি চাহ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি, নৃত্য-গীত আদি পৰিৱেশন কৰা হয় ৷

উল্লেখ্য যে, ১৮৮২ চনত প্ৰথমবাৰৰ বাবে এই ধাৰণাটো ৰাজহুৱা কৰা হয় । ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত নিউয়ৰ্ক চহৰৰ ইউনিয়নসমূহে নিজৰ সদস্যসকলৰ ইউনিয়নৰ সদস্য পদ উদযাপন আৰু সকলো ইউনিয়নৰ প্ৰতি সমৰ্থন প্ৰদৰ্শনৰ বাবে পেৰেড অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । কমেও ২০ হাজাৰ লোক উপস্থিত আছিল আৰু শ্ৰমিকসকলে উপস্থিত থাকিবলৈ এদিনৰ দৰমহা এৰিবলগীয়া হৈছিল ৷

লগতে পঢ়ক : মে’ দিৱস : গুৱাহাটী মহানগৰীত শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নৰ উদ্যোগত মে’ দিৱস পালন - May Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.