ETV Bharat / state

মে’  দিৱস : গুৱাহাটী মহানগৰীত শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নৰ উদ্যোগত মে’ দিৱস পালন - May Day 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 3:34 PM IST

MAY DAY 2024
মে’ দিৱস পালন

LABOUR DAY 2024 : সমগ্ৰ বিশ্বতে আজিৰ দিনটো শ্ৰমিক দিৱস হিচাবে পালন কৰা হৈছে ৷ গুৱাহাটী মহানগৰীতো শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নসমূহে আজি পালন কৰিছে মে’ দিৱস ৷

গুৱাহাটী, 1 মে’ : আজি মে’ দিৱস অথবা আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ সমগ্ৰ বিশ্বতে আজিৰ দিনটোত শ্ৰমিক দিৱস হিচাবে পালন কৰা হৈছে ৷ শ্ৰমিকৰ অধিকাৰ, সুৰক্ষা আৰু সম মৰ্যাদাৰ বাবে কৰা এক দীঘলীয়া সংগ্ৰামৰ স্মৰণ আৰু এই সংগ্ৰামখন আগুৱাই লৈ যোৱাৰ বাবে আজিৰ দিনটো পালন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷

সমগ্ৰ বিশ্বতে ভিন্ন ধৰণেৰে মে’ দিৱস পালন কৰা হয় ৷ কিছুমান দেশত আজিৰ দিনটোক চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হয় ৷ আন কিছুসংখ্যক দেশত শ্ৰমিকৰ দাবীসমূহক লৈ প্ৰতিবাদ কৰা হয়, সভা অনুষ্ঠিত কৰা হয় ৷ শ্ৰমিকৰ স্বাৰ্থৰ বাবে আজিৰ দিনটোত বিভিন্ন দেশত সমদল উলিওৱা হয় ৷

ইয়াৰ ব্যতিক্ৰম নহয় ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীও ৷ গুৱাহাটী মহানগৰীতো শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নসমূহে বুধবাৰে পালন কৰিছে মে’ দিৱস ৷ এইবেলি কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহ আৰু সকলো ইউনিয়ন ফেডাৰেচন সমূহে সম্মিলিতভাৱে আয়োজন কৰিছে মে' দিৱস ৷ গুৱাহাটীৰ মেঘদূত ভৱনৰ সমীপত পালন কৰা হৈছে মে’ দিৱসৰ কাৰ্যসূচী ৷

আনহাতে, চালক ঐক্যমঞ্চৰ উদ্যোগত শ্ৰমিক দিৱস আয়োজন কৰা হৈছে ৷ শ্ৰমিক দিৱস উপলক্ষে চালকসকলে গুৱাহাটীৰ জাপৰিগোগ জনজাতি যুৱক সংঘৰ খেলপথাৰত একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্ব-ইচ্ছাৰে অনলাইন কেব সেৱা বর্জন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, 1886 চনৰ 1 মে’ত আমেৰিকাৰ হে মাৰ্কেটত 8 ঘণ্টা কাম আৰু শ্ৰমিকৰ জীৱনযাত্ৰাৰ মান উন্নয়নৰ দাবীত ৰাজপথত নামিছিল এদল খাটি খোৱা মানুহ ৷ সেই সমদলত গুলীচালনা কৰিছিল আৰক্ষীয়ে ৷ শ্বহীদ হৈছিল চাৰিজনকৈ শ্ৰমিক ৷ তেতিয়াৰে পৰা এই দিনটো শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰিখ হিচাপে বিবেচিত হৈ আহিছে ৷

লগতে পঢ়ক : মে’ দিৱস : শ্ৰমিকসকলৰ বাবে উদযাপন কৰা এই দিনটোৰ ইতিহাস আৰু তাৎপৰ্য - May Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.