ছয়গাঁৱত তিনিটা চোৰাং গৰুসহ আটক 2

author img

By

Published : Sep 26, 2021, 8:24 AM IST

two-people-arrested-with-three-illegal-cows-at-chhaygaon

তিনিটাকৈ চোৰাং গৰুসহ দুজনক আটক ছয়গাঁও আৰক্ষী(Chhaygaon Police)ৰ ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ৷

ছয়গাঁও, 26 ছেপ্তেম্বৰ : শনিবাৰে পুৱাৰ ভাগত ছয়গাঁও আৰক্ষী(Chhaygaon Police)ৰ অভিযান ৷ ছয়গাঁৱৰ নোৱাপাৰাত তিনিটাকৈ চোৰাংভাৱে অনা গৰু জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে আৰক্ষীয়ে ৷ গৰু সৰবৰাহৰ সৈতে জড়িত লোক দুজন গৰৈমাৰীৰ কানহাৰাৰ জিয়াউৰ ৰহমান আৰু জোৰশিমলুৰ চৰিফ আলী বুলি জানিব পৰা গৈছে ৷

Vehicle transporting illegal cow
চোৰাং গৰু কঢ়িওৱা বাহন

প্ৰাপ্ত তথ্য অনুসৰি, পুৱাৰ ভাগত গৰৈমাৰী অঞ্চলৰ পৰা গৰু ভৰ্তি এখন বাহন গুৱাহাটী অভিমুখে গৈ থকাৰ খবৰ লাভ কৰিছিল ছয়গাঁও আৰক্ষীয়ে ৷ ইয়াৰ পাচতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত এটি আৰক্ষীৰ দলে চোৰাংভাৱে অনা গৰুৰ বাহনখন জব্দ কৰাৰ বাবে চোপ লৈ থাকে ৷

illegal cow seized
ছয়গাঁৱত চোৰাংভাৱে অনা গৰু জব্দ

গৰু ভৰ্তি নম্বৰপ্লেটবিহীন বাহনখন নোৱাপাৰাত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীৰ দলটোৱে বাহনসহ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচত আৰক্ষীয়ে বাহনসহ দুয়োজন লোকক আটক কৰি থানালৈ নিয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: নগাঁও আৰক্ষী জালত দুটা তীৰখেলৰ এজেন্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.