সত্ৰীয়া সংস্কৃতিৰ সাধক জগন্নাথ বায়নক সাক্ষাৎ সাংসদ দিলীপ শইকীয়াৰ

By

Published : Sep 26, 2021, 9:55 AM IST

thumbnail

সম্প্ৰতি বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত শয্যাশায়ী হৈ আছে সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক জগন্নাথ বায়ন ৷ সংগীত নাটক একাডেমী বঁটা প্ৰাপক জগন্নাথ বায়নৰ স্বাস্থ্যৰ বুজ ল’বলৈ শনিবাৰে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়া । সাংসদগৰাকীয়ে জ্যেষ্ঠ শিল্পী বায়নৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে শিল্পীগৰাকীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে ৷ তদুপৰি সাধকগৰাকী বিশেষভাৱে সক্ষম কন্যাগৰাকীৰ সংস্থাপনৰ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰিব বুলিও সাংসদ শইকীয়াই মন্তব্য কৰে ৷ শনিবাৰে জগন্নাথ বায়নৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত দিলীপ শইকীয়াৰ সৈতে আন কেবাগৰাকীও বিজেপি নেতা উপস্থিত আছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.