খেলি থাকোতেই ভৰি পিছল খাই পৰিল নৈত ! - 3 YR CHILD DIES BY DROWNING

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:20 AM IST

thumbnail

শিলচৰ, 2 মে’ : কাছাৰৰ লক্ষীপুৰ দিঘলীত কৰুণ ঘটনা । জিৰি নৈত সমাধি ঘটিল তিনি বছৰীয়া কন্যা শিশুৰ ৷ কাছাৰৰ লক্ষীপুৰ দিঘলী গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ মৃত শিশু কন্যাটিৰ নাম ৰিতিকা শুক্লবৈদ্য ।

জানিব পৰা মতে, স্থানীয় ৰাজু শুক্লবৈদ্যৰ তিনি বছৰীয়া কন্যাই ঘৰৰ কাষতে থকা জিৰি নৈৰ পাৰত খেলি থাকোঁতে হঠাৎ ভৰি পিছলি নৈত পৰি যায় । স্থানীয় লোকসকলে উদ্ধাৰ চেষ্টা চলাই যদিও বিফল হয় । খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

SDRF ৰ কেইবাঘণ্টা অভিযানৰ পাচত ঘটনাস্থলীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত কণমানিজনীৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহ উদ্ধাৰৰ পাচত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : লখিমপুৰত শোকাৱহ ঘটনা, ৰঙানদীত দুই কিশোৰৰ সলিল সমাধি - Death By Drowning

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.