ETV Bharat / state

লখিমপুৰত শোকাৱহ ঘটনা, ৰঙানদীত দুই কিশোৰৰ সলিল সমাধি - Death By Drowning

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 9:07 PM IST

DEATH BY DROWNING
শোকাৱহ ঘটনা

নদীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি ৷ লখিমপুৰৰ পানীগাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷

ৰঙানদীত দুই কিশোৰৰ সলিল সমাধি

লখিমপুৰ, 11 এপ্ৰিল : লখিমপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ লখিমপুৰ নগৰৰ কিছু নিলগৰ পানীগাঁও এলেকাৰ সমীপত বৃহস্পতিবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ নদীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি ঘটে ৷

বৃহস্পতিবাৰে লখিমপুৰৰ পানীগাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ ৰঙানদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুজন কিশোৰৰ ৷ জানিব পৰা মতে লখিমপুৰৰ নৰাগাঁৱৰ দিপু হাজৰিকাৰ পুত্ৰ তথা সপ্তম শ্ৰেণীৰ ছাত্ৰ জয়দীপ হাজৰিকা (12) আৰু একে গাঁৱৰে ৰূপেশ্বৰ দত্তৰ পুত্ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ মোহন দত্ত (13) ই লগৰ তিনিজন কিশোৰৰ সৈতে দিনৰ প্ৰায় 11 মান বজাত ৰঙানদীত গা ধুবলৈ গৈছিল ৷

নদীত গা ধুই থকা অৱস্থাতে দুৰ্ভাগ্যবশতঃ জয়দীপ হাজৰিকা আৰু মোহন দত্ত নামৰ কিশোৰ দুটি নদীৰ অতি দ অংশলৈ উটি যায় ৷ চকুৰ আগতে ঘটনাটো দেখি লগতে থকা জয়দীপৰ কনিষ্ঠ ভাতৃয়ে লগে লগে ঘৰত খবৰ দিয়ে ৷ ঘটনা শুনি পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুত নামি কিশোৰ দুটিক উদ্ধাৰৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷ ঘটনাৰ খবৰ লাভ কৰি পৰৱৰ্তী সময়ত এচ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷ এচ ডি আৰ এফে এঘন্টা ধৰি নদীৰ বুকুত অভিযান চলাই কিশোৰ দুটিৰ মৃতদেহ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ছাত্ৰ দুজনৰ মৃত্যুত নৰাগাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত বোৱাৰীৰ মৃত্যুৰ ঘটনা : পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ - Woman Hit By Dumper

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.