ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত ‘জুডিমা’লৈ ভৌগোলিক স্বীকৃতি

author img

By

Published : Sep 26, 2021, 9:51 AM IST

Updated : Sep 27, 2021, 12:45 PM IST

judima-liquid-prepare-by-dimasa-tribe-got-geographical-indication

ডিমাচা জনগোষ্ঠী(Dimasa Tribe)ৰ পৰম্পৰাগত পানীয় ‘জুডিমা’(Judima)লৈ Geographical Indication ৰ স্বীকৃতি প্ৰদান ৷ এই সাফল্য লাভ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে(Assam Agricultural University) ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

যোৰহাট, 26 ছেপ্তেম্বৰ : উত্তৰ-পূৱৰ প্ৰথমবিধ জনগোষ্ঠীয় পানীয়লৈ ভৌগলিক স্বীকৃতি । ডিমাচা জনগোষ্ঠী(Dimasa Tribe)ৰ পৰম্পৰাগত পানীয় ‘জুডিমা’(Judima)ই লাভ কৰিলে জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন(Geographical Indication) অৰ্থাৎ ভৌগোলিক সূচাংক । এই সাফল্যতাৰ আঁৰত আছে অসম কৃষি বিশ্ববিদ্যালয়(Assam Agricultural University) ৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে দীৰ্ঘদিনৰ গৱেষণা আৰু পৰ্যবেক্ষণৰ অন্তত জনোৱা আবেদনৰ ভিত্তিতেই জুডিমাই লাভ কৰিলে ভৌগোলিক স্বীকৃতি ৷ থলুৱা চাউলৰ সৈতে একেচীয়া পাতৰ লগতে আৰু বহু ঔষধি উদ্ভিদ তথা বন-বাতৰ সংমিশ্ৰণৰ জৰিয়তে স্বকীয় গুণসম্পন্ন এই জুডিমা নামৰ পানীয়বিধ প্ৰস্তুত কৰা হয় ।

ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত ‘জুডিমা’লৈ ভৌগোলিক স্বীকৃতি

অসম কৃষি বিশ্ববিদ্যালয়ে ‘য়াডেম’ নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত ‘ডিমাজিক হাছাও’(Dimazik Hasao) নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে । ইয়াৰ পাচতে স্বীকৃতিপ্ৰাপ্ত পানীয়বিধৰ বাবে স্থায়ী ল’গ’(Logo) অনুমোদিত হয় ৷

এতিয়াৰে পৰা জুডিমা বিপণনৰ বাবে নিৰ্দিষ্টকৈ অনুমোদন ল’ব লাগিব । জুডিমা পানীয়বিধ মূলতঃ মহিলাসকলে তৈয়াৰ কৰে । কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বিশেষ অঞ্চলত এই একেছিয়া পাত বিশেষভাৱে উপলব্ধ হোৱাৰ বাবে জিলা দুখনৰ মহিলাসকল জুডিমা প্ৰস্তুতিৰ সৈতে জড়িত ।

উল্লেখ্য যে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক ড৹ কিশোৰ কুমাৰ শৰ্মা, ড৹ গাৰ্গী শৰ্মা, ড৹ সুবল মাইবঙছাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ উত্তম বাথাৰিৰ নেতৃত্বত এটা গৱেষকৰ দলে এই পৰম্পৰাগত পানীয়ৰ ওপৰত পদ্ধতিগত পৰ্যবেক্ষণ আৰু গৱেষণা চলাইছিল ।

এই সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্যই কয় যে, নিদিষ্ট পদ্ধতিৰ জৰিয়তে পানীয়বিধ প্ৰস্তুতৰ ফলত পিছপৰা ডিমাচা জনগোষ্ঠীয়ে ব্যৱহাৰ আৰু বিপণনৰ দিশত লাভজনক হোৱাৰ লগতে উপকৃত হ’ব । এইসকল লোকৰ জৰিয়তে পানীয়বিধ প্ৰস্তুতৰ থলুৱা কৌশলটো সংৰক্ষণ কৰিব পৰা যাব ৷

ইয়াৰোপৰি, সকলো সময়তে সমতা ৰক্ষা কৰি জুডিমা প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিপণনৰ মাণদণ্ড ৰক্ষা কৰিব পৰা যাব বুলিও সঞ্চালক ভট্টাচাৰ্যই সদৰী কৰে ৷ অসমৰ মুগা শিল্প(Muga Silk), জহা চাউল(Joha Rice), কাজি নেমু(Lemon) আৰু কাৰ্বি আংলঙৰ আদাই(Ginger) ভৌগোলিক সূচাংক লাভ কৰাৰ পাচতে এইবাৰ ডিমাচা জনগোষ্ঠীৰ পানীয়বিধে লাভ কৰা ভৌগোলিক স্বীকৃতিয়ে নিশ্চয়কৈ সুখবৰ কঢ়িয়াই আনিছে অসমবাসীৰ বাবে ৷

লগতে পঢ়ক: অৰ্থনৈতিক অপৰাধত দ্বিতীয় স্থানত অসম

Last Updated :Sep 27, 2021, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.