অৰ্থনৈতিক অপৰাধত দ্বিতীয় স্থানত অসম

author img

By

Published : Sep 25, 2021, 7:58 PM IST

assam-ranks-second-in-economic-crime

শেহতীয়া তিনিটা বছৰত অসমত অতি উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে অৰ্থনৈতিক অপৰাধৰ ঘটনা ৷ নেছনেল ক্ৰাইম ৰেক'ৰ্ডছ ব্যুৰ'ই শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত উন্মোচিত হৈছে অসমৰ এই দূৰ্ভাগ্যজনক ছবিখন ৷

গুৱাহাটী,25 ছেপ্টেম্বৰ: অসমত ভাবিব নোৱৰা ধৰণে বৃদ্ধি পাইছে অৰ্থনৈতিক অপৰাধ ৷ বিগত তিনিটা বছৰত অতি উদ্বেগজনক ভাবে এইধৰণৰ অপৰাধৰ সংখ্যা ৰাজ্যখনত বাঢ়িবলৈ আৰম্ভ কৰিছে ৷ যি সময়ত দিছপুৰত ন-কৈ অধিস্থিত হোৱা চৰকাৰখনে ড্ৰাগছৰ লগতে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে, সেই সময়তে কিন্তু নিৰ্বিঘ্নে অসমত বিভিন্নজনে সংঘটিত কৰি গৈছে অৰ্থনৈতিক অপৰাধ ৷ নেছনেল ক্ৰাইম ৰেক'ৰ্ডছ ব্যুৰ'ই শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, অৰ্থনৈতিক অপৰাধৰ ক্ষেত্ৰত শীৰ্ষত থকা ৰাজ্যখন হৈছে তেলেংগানা আৰু তাৰ পিছতে দ্বিতীয় স্থানত আছে অসম ৷ অসম আৰু অসমবাসীৰ বাবে নিশ্চিতভাৱে এয়া এক চিন্তনীয় আৰু উদ্বেগজনক খবৰ ৷ প্ৰতিবেদন অনুসৰি অসমত বিগত তিনিটা বছৰত ক্ৰমে 2018 চনত 8,826 টা, 2019 চনত 9,912 টা আৰু 2020 চনত 9,884 টা অৰ্থনৈতিক অপৰাধৰ ঘটনা সংঘটিত ‌হৈছে ৷

assam-ranks-second-in-economic-crime
অৰ্থনৈতিক অপৰাধত দ্বিতীয় স্থানত অসম

উল্লেখ্য যে, তেলেংগানাত এনে ধৰণৰ অৰ্থনৈতিক অপৰাধৰ হাৰ হৈছে 34.6 শতাংশ আৰু ইয়াৰ বিপৰীতে অসমত এই হাৰ 24.4 শতাংশ ৷ অতি লক্ষনীয় বিষয়টো হ'ল অৰ্থনৈতিক অপৰাধৰ ৰাষ্ট্ৰীয় হাৰ হ'ল 10.8 শতাংশহে ৷

প্ৰতিবেদন অনুসৰি বিগত বছৰটোত অসমত 16 টা এক কোটিৰ পৰা 10 কোটি টকাৰ হৰলুকি হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ একেদৰে 50 লাখৰ পৰা 1 কোটি টকা হৰলুকি হোৱা 17 টা ঘটনা সংঘটিত হৈছে ৷ আনহাতে 10 লাখৰ পৰা 50 লাখ টকালৈকে হৰলুকি হোৱা ঘটনা 582 টা আৰু 1 লাখৰ পৰা 10 লাখ টকা পৰ্যন্ত হৰলুকি হোৱা ঘটনা 3,533 টা সংঘটিত হৈছে ৷ স্বাভাৱিকতে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এনে তথ্য উদ্বেগজনক ৷

লগতে পঢ়কঃ গৰুখুটি উচ্ছেদক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচৰা হৈছে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.