নগাঁও আৰক্ষী জালত দুটা তীৰখেলৰ এজেন্ট

By

Published : Sep 25, 2021, 9:39 PM IST

thumbnail

ৰূপহীহাটত নিশা নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তীৰ খেলৰ বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানত আটক দুই তীৰ খেলৰ মাফিয়া ৷ বৰ্তমান Online যোগে প্ৰচিলত হৈ পৰিছে তীৰ খেল ৷ শুকুৰবাৰে নিশা নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত প্ৰথমে জাল নোটৰ বিৰুদ্ধে অভিযান চলাই এজনক আটক কৰাৰ পাছতে জুৰীয়াত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ দলটোৱে চলালে অভিযান  । তাৰ পাছতেই শুকুৰবাৰে নিশাই জুৰীয়া বজাৰত অভিযান চলাই আটক কৰে দুটা তীৰ খেলৰ এজেণ্টক । আটক কৰা এজেণ্ট দুটাৰ নাম হৈছে মাইনুল হক আৰু মোহম্মদ আলী । সম্প্ৰতি ধৃত দুই এজেণ্টক আটক কৰি জেৰা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.