অসম

assam

ৰঙা ঘৰৰ আলহী হ’ল ভুৱা চিম কাৰ্ড প্ৰস্তুত কৰা এটা তিনিজনীয়া চক্ৰ

By

Published : Jun 15, 2022, 9:07 PM IST

কৰিমগঞ্জ আৰক্ষীৰ সফলতা ৷ আৰক্ষীৰ জালত পৰিছে ভুৱা চিম কাৰ্ড প্ৰস্তুত কৰা এটা চক্ৰ ৷ লগতে আৰক্ষীৰ দলটোৱে এই সন্দৰ্ভত আটক কৰে তিনিজন ব্যক্তিক (Men arrested for making fake sim cards in Karimganj)৷

Men arrested for making fake sim cards in Karimganj
ৰঙা ঘৰৰ আলহী হ’ল ভুৱা চিম কাৰ্ড প্ৰস্তুত কৰা এটা তিনিজনীয়া চক্ৰ

কৰিমগঞ্জ, 15 জুন :‘‘জেৰক্সৰ দোকানত নথিপত্ৰ জেৰক্স কৰাওতে এতিয়াৰে পৰা সাবধান হওক ৷ কিয়নো জেৰক্সৰ দোকানীয়ে গোপনে আপোনাৰ নথি-পত্ৰৰ কপি নিজৰ হাতত ৰাখি সংঘটিত কৰিব পাৰে বিভিন্ন অপৰাধ । ফলত আপোনাৰ অজ্ঞাতে আপোনাৰ নাম সাঙুৰ খাব পাৰে অপৰাধৰ তালিকাত’’ ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কৰিমগঞ্জৰ আৰক্ষী বিষয়া পদ্মনাভ বৰুৱাই ৷

জানিব পৰা মতে, এক গোপন খবৰৰ তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে ভুৱা চিম কাৰ্ড প্ৰস্তুত কৰা এটা চক্ৰ (Men arrested for making fake sim cards in Karimganj) সন্দৰ্ভত লাভ কৰিছিল এক তথ্য ৷ এই তথ্যৰ আধাৰতে কৰিমগঞ্জৰ আৰক্ষীৰ দল এটাই বুধবাৰে কৰিমগঞ্জৰ ভিন্ন ঠাইত চলালে এক অভিযান (Operation against fake sim cards) ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে আনৰ নামত ভুৱা চিমকাৰ্ড প্ৰস্তুত কৰা চক্ৰটোৰ তিনিজন সদস্যক আটক কৰে ৷

ৰঙা ঘৰৰ আলহী হ’ল ভুৱা চিম কাৰ্ড প্ৰস্তুত কৰা এটা তিনিজনীয়া চক্ৰ

আটকাধীন কেইজন হৈছে আছিমগঞ্জৰ ফকৰুল ইছলাম, কৰিমগঞ্জৰ সুভাষ নগৰৰ ৰাজেন দাস, ফকিৰাবজাৰৰ এহছান জালাল চৌধুৰী ৷ কৰিমগঞ্জ আৰক্ষী বিষয়া পদ্মনাভ বৰুৱাই উল্লেখ কৰা অনুসৰি, আটকাধীন তিনিওজনে মিলি আনৰ নামত ভুৱা চিম কাৰ্ড উলিয়াই বিক্ৰী কৰি আহিছিল । কেৱল আনক বিক্ৰী কৰাই নহয়, এই চিম কাৰ্ডসমূহ ব্যৱহাৰ কৰা হৈছিল বিভিন্ন অসামাজিক কাম কাজতো ।

আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, আছিমগঞ্জত আটকাধীন ফকৰুল ইছলামৰ আছে এখন জেৰক্সৰ দোকান ৷ যিখন দোকানত গ্ৰাহকে জেৰক্স কৰিব আহিলে ফকৰুল ইছলামে গোপনে সেই ব্যক্তিৰ নথি পত্ৰৰ জেৰক্স কপি নিজৰ হাতত ৰাখি দিয়ে । তাৰ পাচত সেই নথি-পত্ৰসমূহ বিক্ৰী কৰে ৰাজেন দাস নামৰ যুৱকজনক ।

তাৰ পাচত ৰাজন দাসে সেই নথি-পত্ৰসমূহ যোগান ধৰিছিল এহছান জালাল চৌধুৰী নামৰ আন এজন ব্যক্তিক । যিজনে সেই পত্ৰৰ জৰিয়তে উলিয়াই বিভিন্ন কোম্পানীৰ চিম কাৰ্ড । লগতে এইসমূহ ভুৱা চিম কাৰ্ড বিক্ৰী কৰা হৈছিল বজাৰত । অৱশেষত কৰিমগঞ্জ আৰক্ষীয়ে এই খবৰ লাভ কৰি উৎখাত কৰিবলৈ সক্ষম হয় ভুৱা চিম কাৰ্ড প্ৰস্তুত কৰা চক্ৰটোক ৷

লগতে পঢ়ক :Operation against illegal drugs: জোনাইত ড্ৰাগছসহ আটক এজন ব্যৱসায়ী

ABOUT THE AUTHOR

...view details