ETV Bharat / state

Operation against illegal drugs: জোনাইত ড্ৰাগছসহ আটক এজন ব্যৱসায়ী

author img

By

Published : Jun 15, 2022, 7:08 PM IST

Updated : Jun 15, 2022, 8:38 PM IST

ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী তথা ইয়াৰ সৰবৰাহৰ লগত দুষ্ট চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত অভিযান চলাই আহিছে যদিও ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ এখন নিষিদ্ধ বজাৰ(Illegal drugs market continues in Assam) ৷ আৰক্ষীৰ সমান্তৰালকৈ এনে ক’লা বজাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনেও চলাই গৈছে অভিযান ৷ শেহতীয়াকৈ জোনাইৰ লাইমেকুৰীৰ ৰাকুট ককেতত মিচিং জাতীয় সংগঠন TMPK, MMK, TMMK ৰ সহযোগত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিলে এজন ব্যৱসায়ীক (Police arrest youth with drugs)৷

জোনাইত ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ী আটক
drugs peddler arrested at Junai

জোনাই, 15 জুন : ৰাজ্যত ড্ৰাগছবিৰোধী অভিযান চলি থকাৰ মাজতে জোনাইত ড্ৰাগছসহ আটক হ’ল এজন ড্ৰাগছ ব্যৱসায়ী (Drugs peddler arrested at Junai) ৷ মঙলবাৰে জোনাইৰ লাইমেকুৰীৰ ৰাকুট ককেতত মিচিং জাতীয় সংগঠন TMPK, MMK, TMMK ৰ সহযোগত আৰক্ষীয়ে ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷

দীৰ্ঘদিন ধৰি মিচিং জাতীয় সংগঠনটোৰ লাইমেকুৰী আঞ্চলিক সমিতিৰ সদস্যসকলে লাইমেকুৰী অঞ্চলটোক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী তথা ইয়াৰ সৰবৰাহৰ লগত দুষ্ট চক্ৰৰ বিৰুদ্ধে গোপনে অভিযান চলাই আহিছিল (Operation against illegal drugs) ৷ শেহতীয়াকৈ মঙলবাৰে সংগঠনকেইটাৰ কেইগৰাকীমান সদস্যই অঞ্চলটোৰ এখন গেলামালৰ দোকানৰ পৰা চাধাৰ টেমাৰ ভিতৰত ভৰাই ৰখাৰ অৱস্থাত 1.59 গ্ৰাম ড্ৰাগছসহ বিকু ওৰফে বিনয় দলে নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আবদ্ধ কৰে ৷

জোনাইত ড্ৰাগছসহ আটক এজন ব্যৱসায়ী

জানিব পৰা মতে বিকু ওৰফে বিনয় দলে নামৰ যুৱকজনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় । বিকুৰ পৰা সংগঠনটোৰ সদস্যসকলে ড্ৰাগছৰ লগতে উদ্ধাৰ কৰে নগদ ন হাজাৰ পাঁশ টকা ।

পৰৱৰ্তী সময়ত জোনাই আৰক্ষীয়ে বিকুক ড্ৰাগছসহ আটক কৰাৰ লগতে যুৱকজনৰ ঘৰতো অভিযান চলালে যদিও আৰক্ষীয়ে ড্ৰাগছজাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল (Police arrest youth with drugs) ৷ সম্প্ৰতি জোনাই আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত বিকুক জেৰা অব্যাহত ৰাখিছে ৷

লগতে চাওক : Anti Drugs Mission in Nagaon: পুৰণিগুদাম আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

Last Updated :Jun 15, 2022, 8:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.