অসম

assam

কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সদস্য ৰবিনচন ক্ৰ'ৰ দেহাৱসান

By

Published : Jul 8, 2021, 9:57 AM IST

৫৯ বছৰ বয়সত মৃত্যু হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) প্রাক্তন সদস্য ৰবিনচন ক্ৰ'ৰ । জনপ্রিয় নেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র জিলাখনতে গভীৰ শােকৰ ছাঁ পৰে ।

robinson kro died
কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন সদস্য ৰবিনচন ক্ৰ'ৰ দেহাৱসান

ডিফু, 8 জুলাই :কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) প্রাক্তন সদস্য ৰবিনচন ক্ৰ'ৰ যােৱানিশা ৫৯ বছৰ বয়সত মৃত্যু হয় । আঞ্চলিকতাবাদী আন্দোলনৰ অন্যতম আপােচবিহীন নেতা হিচাপে পৰিচিত ৰবিনচন ক্র'ই (Robinson Kro) লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা দুবাৰকৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদলৈ নির্বাচিত হৈছিল । যােৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা নেতাগৰাকীয়ে ডিমাপুৰৰ ৰেফাৰেল চিকিৎসালয়ত(Referral Hospital) চিকিৎসাধীন হৈ থকা অবস্থাতে নিশা প্রায় দুইমান বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

এগৰাকী বিশিষ্ট সমাজসেৱক হিচাপেও সুকীয়া পৰিচয় থকা ক্র’ৱে ডিফু নগৰৰ যিকোনাে লােকৰে বিপদৰ সময়ত বা আৰ্তজনৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াইছিল । যাৰবাবে নগৰখনৰ জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলােৱে নেতাগৰাকীক ৰাইজৰ বন্ধু হিচাপে আখ্যা দিছিল । আঞ্চলিকতাবাদী শিৱিৰৰ অন্যতম ধ্বজাবাহক ৰবীনচন ক্ৰ'ৱে দলৰ অতি সংকটৰ সময়তাে ৰাজনীতিগত আদৰ্শত কোনােধৰণে আপােচ নকৰি আঞ্চলিকতাবাদী ৰাজনীতিৰ প্রতি বিশ্বাস আৰু নিষ্ঠা অটুট ৰাখিছিল ।

পুৱাৰ ভাগতে জনপ্রিয় নেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র জিলাখনতে গভীৰ শােকৰ ছাঁ পৰে । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদেও বুধবাৰে প্রয়াত নেতাগৰাকীলৈ সন্মান জনাই পৰিষদৰ কার্যালয় অৰ্ধছুটী ঘােষণা কৰে । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghang) নেতাগৰাকীৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰাৰ লগতে তেখেতৰ বাসগৃহত উপস্থিত হৈ প্রয়াত নেতাগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে ।

ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং(MLA Bidya Sing Engleng), হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙৰ (MLA Dorsing Ronghang) লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্যয়েও প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নােমল মমিনেও নেতাগৰাকীৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰে । ইয়াৰ উপৰিও এএছডিচি, চিপিআই (এমএল), ডিফু ক্লাব, কাৰ্বি আংলং জিলা সাহিত্য সভা, কাৰ্বি আংলং জিলা লেখিকা সমাৰােহ সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে ৰবিনচন ক্র’ৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰিছে ।

লগতে পঢ়ক:ড্ৰাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত বহিল প্ৰাক্তন মন্ত্ৰী অকন বৰা

ABOUT THE AUTHOR

...view details