অসম

assam

Drugs Destruction: ডিফুত 95 কোটি টকাৰ নিচাযুক্ত ড্ৰাগছ দহন

By

Published : Jul 17, 2023, 4:49 PM IST

ডিফুত কাৰ্বি আংলং জিলা ড্ৰাগছ ডিছপ'জেল কমিটিৰ উদ্যোগত প্ৰায় 95 কোটি টকাৰ ড্ৰাগছ দহন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷

95-crores-worth-drugs-destruction-at-diphu
ডিফুত 95 কোটি টকাৰ নিচাযুক্ত ড্ৰাগছ দহন

ডিফুত 95 কোটি টকাৰ নিচাযুক্ত ড্ৰাগছ দহন

ডিফু, 17 জুলাই: সমগ্ৰ ভাৰতৰ 12 খন ৰাজ্যত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাৰ্চুৱেলী উপস্থিতিত নিচাযুক্ত সামগ্ৰী দহন কৰা কাৰ্যসূচী হাতত লোৱা হৈছে ৷ ইয়াৰে অংশস্বৰূপে অসমৰ কেইবাখনো জিলাত আৰক্ষীয়ে জব্দকৃত নিচাযুক্ত সামগ্ৰীসমূহ দহন কৰিছে ৷ ডিফুত কাৰ্বি আংলং জিলা ড্ৰাগছ ডিছপ'জেল কমিটিৰ উদ্যোগত প্ৰায় 95 কোটি টকাৰ ড্ৰাগছ দহন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে এই ড্ৰাগছ দাহ কাৰ্যসূচীৰ মুখ্য ভূমিকা পালন কৰে ৷ ডিফুৰ সমীপৰ 7 মাইলৰ ইটা ভাটাৰ চুল্লীত এই বৃহৎ পৰিমানৰ নিচাযুক্ত ড্ৰাগছ সমূহ দাহ কৰা হয় ৷ আজি দাহ কৰা ড্ৰাগছসমূহৰ ভিতৰত আছে 38.260 কিলো গ্ৰাম হেৰ'ইন, 8048 কিলো গ্ৰাম মৰফিন, 6897 টা কফ চিৰাপৰ বটল, 105 কিলো গ্ৰাম ব্ৰাউন ছুগাৰ, 10,124 কিলো গ্ৰাম অ'পিয়াম, 063 গ্ৰাম ট্ৰেমাডল পাউদাৰ, 1204.563 কিলো গ্ৰাম গাঞ্জা আৰু 1,08,221 টা নিচাযুক্ত টেবলেট ৷

উল্লেখযোগ্য যে, যোৱা 26 জুনত ড্ৰাগছ বিৰোধী দিৱসৰ দিনা একে স্থানতে প্ৰায় 65 কোটি টকাৰ ড্ৰাগছ দাহ কৰা হৈছিল ৷ আজিৰ ড্ৰাগছ দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম ড৹ তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয় যে, আজিৰ এই ড্ৰাগছ দাহ কাৰ্যসূচী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অমিত শ্বাহৰ তত্বাৱধানত সম্পন্ন হৈছে ৷ কাৰ্বি আংলং জিলাকো শীঘ্ৰে ড্ৰাগছমুক্ত কৰা হ’ব ৷

আনহাতে সংবাদ মাধ্যমৰ আগত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয় যে, ভাৰত চৰকাৰৰ এনচিভিৰ দ্বাৰা আয়োজিত ড্ৰাগছ দাহ কাৰ্যসূচীৰ অংশস্বৰূপে আজি ডিফুতো প্ৰায় 95 কোটি টকাৰ ড্ৰাগছ দাহ কৰা হয় ৷

আজিৰ এই বৃহৎ পৰিমানৰ ড্ৰাগছ দাহ কাৰ্যসূচীত ডি এল এছ এ সচিব বিজয়া খাকলাৰী, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, পৰিষদৰ ইএম আৰু এমঅচিসকলৰ লগতে ড্ৰাগছ ডিচপ'জেল কমিটি কাৰ্বি আংলঙৰ বিষয়া কৰ্মী, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমীৰ শইকীয়া আৰু শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিতিত থাকে ৷

লগতে পঢ়ক:ANTI DRUGS OPERATION: দেশজুৰি ড্ৰাগছ দহন কাৰ্যসূচী

ABOUT THE AUTHOR

...view details