অসম

assam

দেওবাৰে অসমলৈ আহিব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

By

Published : Sep 11, 2021, 7:27 PM IST

ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু অঞ্চলটোৰ জনজাতীয় লোকসকলৰ সবলীকৰণৰ অৰ্থে ৰূপায়ণ কৰা এম এফ পি, ভি ডি ভি কে আৰু ট্ৰাইফুড কাৰ্যক্ৰমৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। জনজাতি লোকসকলৰ উন্নয়নমূলক আঁচনিকেইখনৰ তৃণমূল পৰ্য্যায়ত ৰূপায়ণ, প্ৰত্যাহ্বানৰাজি আৰু অগ্ৰগতি পৰ্যালোচনা কৰিব মুণ্ডাই ।

union-tribal-affairs-minister-arjun-munda-to-visit-assam-on-a-two-day-visit
দেওবাৰে অসমলৈ আহিব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

গুৱাহাটী,11 ছেপ্তেম্বৰ: দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন মুণ্ডা ৷ এই ভ্ৰমণসূচীত তেওঁৰ সৈতে থাকিব 'ট্ৰাইফেড'ৰ পৰিচালন সঞ্চালক প্ৰবীৰ কৃষ্ণৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গ ৷ উক্ত ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু অঞ্চলটোৰ জনজাতীয় লোকসকলৰ সবলীকৰণৰ অৰ্থে ৰূপায়ণ কৰা এম এফ পি, ভি ডি ভি কে আৰু ট্ৰাইফুড কাৰ্যক্ৰমৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব ৷

এই দুদিনীয়া ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰী মুণ্ডাই গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, জনজাতি উন্নয়ন মন্ত্ৰী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু প্ৰধান সচিব তথা আন উচ্চপদস্থ বিষয়াসকলক সাক্ষাৎ কৰিব ৷ মন্ত্ৰীগৰাকীয়ে দুখন কৰ্মশালা তথা সন্মিলনত অংশ গ্ৰহণ কৰিব ৷ তদুপৰি মন্ত্ৰীজনে গুৱাহাটীৰ লখৰাৰ কটকীপাৰাস্থিত ভি ডি ভি কে চি পৰিদৰ্শন কৰিব ৷

লগতে পঢ়কঃআচাৰ্য জগদীশ মুখীয়ে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিলে ডিগ্ৰী

মন্ত্ৰীগৰাকীৰ এই দুদিনীয়া ভ্ৰমণৰ উদ্দেশ্য হৈছে যে জনজাতি লোকসকলৰ উন্নয়নমূলক আঁচনিকেইখন তৃণমূল পৰ্যায়ত ৰূপায়ণ, প্ৰত্যাহ্বানৰাজি আৰু অগ্ৰগতি পৰ্যালোচনা আৰু মূল্যায়ন কৰা ৷

ট্ৰাইফেডে সমগ্ৰ দেশখনতে ৰূপায়ণ কৰা এই কাৰ্যক্ৰমসমূহৰ চূড়ান্ত লক্ষ্য হৈছে সমগ্ৰ দেশখনৰ জনজাতীয় লোকসকলৰ জীৱন-যাত্ৰা আৰু জীৱিকাৰ সম্পূৰ্ণ ৰূপান্তৰ সাধন কৰা আৰু এখনি আত্মনিৰ্ভৰ ভাৰতৰ অভিমুখে তেওঁলোকক আগুৱাই নিয়া ৷

লগতে পঢ়কঃভৱেশ কলিতাৰ নেতৃত্বত উপ-নিৰ্বাচনৰ টঙালী বান্ধিলে বিজেপিয়ে

TAGGED:

ABOUT THE AUTHOR

...view details