ETV Bharat / state

ভৱেশ কলিতাৰ নেতৃত্বত উপ-নিৰ্বাচনৰ টঙালী বান্ধিলে বিজেপিয়ে

author img

By

Published : Sep 11, 2021, 6:07 PM IST

State BJPs Official Meeting in Amingaon etv bharat assam
ভৱেশ কলিতাৰ নেতৃত্বত উপ-নিৰ্বাচনৰ টঙালী বান্ধিলে বিজেপিয়ে

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত প্ৰথমখন বিষয়ববীয়া সভা ৷ আমিনগাঁও লোক নিৰ্মাণ বিভাগৰ বঙলাত অনুষ্ঠিত হয় এই সভাৰ ৷

বাইহাটা, 11 ছেপ্টেম্বৰ : উপ-নিৰ্বাচনক লৈ অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত অসম ৰাজ্যিক বিজেপিক ৷ উপ-নিৰ্বাচনক লৈ বিজেপিৰ সাংগঠনিক সুদৃঢ় কৰাৰ লক্ষ্যৰে শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত প্ৰথমখন বিষববীয়া সভা অনুষ্ঠিত হয় ৷ আমিনগাঁও লোক নিৰ্মাণ বিভাগৰ বঙলাত আয়োজন কৰা হয় এই বিষয়ববীয়া সভাৰ ৷

বিজেপিৰ ৰাজিক সভাপতি ভৱেশ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত বিষয়ববীয়া সভাৰ জৰিয়তে নিৰ্বাচনী সমৰ কৌশল ৰচনা কৰিলে বিজেপিয়ে । বিজেপিৰ এক সূত্ৰ মতে, সভাৰ সিদ্ধান্ত অনুসৰি প্ৰধাণমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিনৰ উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ সমৰ্পা সপ্তাহ হিচাপে উৎযাপন কৰিব ৰাজ্যিক বিজেপিয়ে ।

ভৱেশ কলিতাৰ নেতৃত্বত উপ-নিৰ্বাচনৰ টঙালী বান্ধিলে বিজেপিয়ে

লগতে পঢ়ক: ব্যৰ্থতাই ল'গ নেৰা এজন মন্ত্রীৰ কথাৰে...

এই দীঘলীয়া সময়ৰ ভিতৰত উপ-নিৰ্বাচনৰ পৰা লোকসভা নিৰ্বাচনৰ মন্ত্ৰণা বিলাব বিজেপিয়ে ৷ শনিবাৰৰ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ পল্লৱলোচন দাস, কামাখ্যা প্ৰসাদ তাছা, ৰাজদীপ ৰয়কে ধৰি বিজেপিৰ দলীয় বিষয় ববীয়াই ভাগ লয় ।

’বন্দে মাতৰম' গীতেৰে আৰম্ভ হোৱা সভাৰ আৰম্ভণিতে নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধঞ্জলী জনোৱা হয় । আবেলি দুই বজাৰ পৰা অনুষ্ঠিত হয় জিলা বিষয়ববীয়াৰ সভা ।

লগতে পঢ়ক: টোলগেট নিৰ্মান কাৰ্য বন্ধ কৰাৰ দাবীত ৰঙামাটিত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.