ETV Bharat / state

ব্যৰ্থতাই লগ নেৰা এজন মন্ত্ৰীৰ কথাৰে...

author img

By

Published : Sep 11, 2021, 5:12 PM IST

Updated : Sep 11, 2021, 8:51 PM IST

নিমাতিঘাটৰ শোকাৱহ দুৰ্ঘটনাৰ পাছতে চৰ্চালৈ আহিছে অসম চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰীৰ ব্যৰ্থতাৰ দীঘলীয়া ইতিহাস ৷ পাঁচবছৰৰো অধিক সময় দায়িত্বত থাকি তেওঁ প্ৰকৃততে কি কৰিলে তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে৷ বিৰোধীয়ে তেওঁক এজন ব্যৰ্থ মন্ত্ৰী হিচাপে ইতিমধ্যেই সমালোচনাৰে থকা-সৰকা কৰিছে ৷ আনকি এই ব্যৰ্থ মন্ত্ৰী গৰাকীক পদত্যাগ কৰাৰো দাবী উত্থাপন কৰিছে বিৰোধীয়ে ৷ কথা চহকী বুলি বিশেষ নাম আছে এই গৰাকী মন্ত্ৰীৰ ৷

an-overview-on-works-done-by-failed-minister-chandramohan-patowary
ব্যৰ্থতাই লগ নেৰা এজন মন্ত্ৰীৰ কথাৰে...

গুৱাহাটী,11 ছেপ্তেম্বৰ: বৰ্তমান সময়ত বিশেষভাৱে চৰ্চালৈ আহিছে এজন মন্ত্ৰী ৷ কথা চহকী মন্ত্ৰী গৰাকীয়ে যিকোনো কথাতে তাৎক্ষণিকভাৱে উত্তৰ দিয়াৰ লগতে যিকোনো বিষয়তে দীঘলীয়া বক্তব্য আগবঢ়াব পাৰে ! কথাত বিশেষভাৱে চহকী হিচাপে জনাজাত মন্ত্ৰীজনৰ বৰ্তমান কাম-কাজৰ প্ৰসংগটো চৰ্চালৈ আহিছে ৷ শেহতীয়াকৈ যোৰহাটৰ নিমাতীঘাটত সংঘটিত হোৱা ভয়াৱহ আৰু শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছতে মন্ত্ৰীজনৰ কৰ্ম দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

এই মন্ত্ৰী গৰাকী হৈছে বানিজ্য আৰু উদ্যোগ, পৰিবহণ, দক্ষতা উন্নয়ন আৰু সংখ্যালঘু উন্নয়ন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা চন্দ্ৰমোহন পাটোৱাৰী ৷ নিমাতীঘাটৰ ঘটনাৰ পাছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগসমূহৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে ৷ কাৰণ 2016 চনৰ পৰাই তেওঁ এই বিভাগসমূহৰ মন্ত্ৰী হিচাপে দায়িত্বত আছে ৷ বিগত পাঁচবছৰৰো অধিক সময় দায়িত্বত থাকি তেওঁ প্ৰকৃততে কি কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

An overview on works done by failed minister Chandramohan Patowary
ব্যৰ্থতাই লগ নেৰা এজন মন্ত্ৰীৰ কথাৰে...

বিৰোধীয়ে ইতিমধ্যেই তেওঁক এজন ব্যৰ্থ মন্ত্ৰী হিচাপে সমালোচনাৰে থকা-সৰকা কৰিছে ৷ আনকি ব্যৰ্থ মন্ত্ৰী হিচাপে তেওঁৰ পদত্যাগৰো দাবী উত্থাপন কৰিছে বিৰোধীয়ে ৷ ইতিমধ্যে দায়িত্বত থকা প্ৰতিটো বিভাগৰ ক্ষেত্ৰতে তেওঁ ব্যৰ্থ মন্ত্ৰী হিচাপে পৰিগণিত হৈছে ৷

এইখিনি সময়ত মন্ত্ৰীজনৰ ব্যৰ্থতাৰ বহু কেইটা দিশ বিশেষভাৱে চৰ্চালৈ আহিছে ৷ উল্লেখ যে, বিগত তিনি বছৰ ধৰি দিছপুৰতে পৰি থাকিল অসম আভ্যন্তৰীণ জলপৰিবহন নিয়ামক কর্তৃপক্ষ গঠনৰ প্ৰস্তাৱ ৷ 2018 চনত উত্তৰ গুৱাহাটীত সংঘটিত নাও দুর্ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে এই কর্তৃপক্ষ গঠনৰ বাবে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিছিল ৷

বিধানসভাই গৃহীত কৰা এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত ৰাজ্যপালে সন্মতি দিয়াত 2018 চনৰ 4 ডিচেম্বৰত বিধায়িনী বিভাগে অধিসূচনা জাৰি কৰিছিল ৷ লক্ষণীয় বিষয় যে, 2016 চনত ৰাজ্যত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিবহন বিভাগৰ মন্ত্ৰী হৈ আছে ৷ পাটোৱাৰীয়ে তেওঁৰ বিভাগত সুদীর্ঘ দিন ধৰি দায়িত্বত ৰাখিছে দুই আই এ এছ বিষয়া কৃষ্ণকমল দ্বিবেদী আৰু আদিল খানক ৷

An overview on works done by failed minister Chandramohan Patowary
ব্যৰ্থতাই লগ নেৰা এজন মন্ত্ৰীৰ কথাৰে...

দ্বিবেদীয়ে প্ৰধান সচিব আৰু খানে পৰিবহন আয়ুক্ত হিচাপে কার্যনিৰ্বাহ কৰি আছে ৷ খানক আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন এজেঞ্চিৰ দায়িত্বত ৰখা হৈছে ৷ মন্ত্ৰী পাটোৱাৰী আৰু শীৰ্ষ বিষযাদ্বয় দ্বিবেদী আৰু খানৰ কর্মতৎপৰতাৰ ফলাফল ৰাজ্যৰ পৰিবহন খণ্ডত স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে ৷

উল্লেখ্য যে, জল পৰিবহন নিয়ামক কর্তৃপক্ষ গঠনৰ যোগেদি ৰাজ্যৰ জল পৰিবহন ব্যৱস্থাটোক শৃংখলিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ ৰাজ্য চৰকাৰৰ আয়ুক্ত-সচিব পর্যায়ৰ এজন বিষয়াক কর্তৃপক্ষৰ অধ্যক্ষ হিচাপে নিযুক্তি দি জল পৰিবহনৰ প্ৰশাসন আৰু ব্যৱস্থাপনাত অভিজ্ঞতা থকা,সমুদ্ৰ আভিযান্ত্ৰিক, পৰিবেশ বিজ্ঞান, পৰিবেশ আইন আদি ক্ষেত্ৰত অভিজ্ঞতা থকা চাৰিজন ব্যক্তিক সদস্য নিযুক্তিৰ কথা কোৱা হৈছিল ৷

An overview on works done by failed minister Chandramohan Patowary
ব্যৰ্থতাই লগ নেৰা এজন মন্ত্ৰীৰ কথাৰে...

ৰাজ্যৰ বিভিন্ন স্থানত ব্যৱস্থাপনাৰ সুবিধাৰ বাবে কর্তৃপক্ষৰ সংমণ্ডল স্থাপনৰ ব্যৱস্থা আছে ৷ এই কর্তৃপক্ষক জল পৰিবহনৰ অপাৰেটৰক নিয়ন্ত্ৰণ, বন্দব-ঘাট আদিৰ ব্যৱস্থাপনা,নাও, জাহাজ, অপাৰেটৰৰ পঞ্জীয়ন, অনুজ্ঞা পত্ৰ, লাইচেন্স দিয়া, নিৰাপত্তা আৰু সুৰক্ষাৰ ব্যৱস্থা নিশ্চিত কৰা, জৰিমনা বিহা আদিকে ধৰি বিভিন্ন ক্ষমতা দিয়াৰ কথা কোৱা হৈছিল ৷ নাও, ফেৰীৰ ভাৰা নিৰ্ধাৰণৰ কর্তৃত্বও কর্তৃপক্ষকে দি ৰখা হৈছে ৷

আইনখনত কোৱা হৈছিল যে নতুন নাও, জাহাজ আদি নির্মাণৰ ক্ষেত্ৰত কর্তৃপক্ষৰ অনুমোদিত আৰ্হি আৰু যন্ত্ৰ-পাতিহে ব্যৱহাৰ হ'ব ৷ সকলোবোৰ পঞ্জীয়নভুক্ত হ'ব লাগিব ৷ চালকসকলৰ বৃত্তিগত জ্ঞান থাকিব লাগিব ৷ প্ৰশিক্ষণপ্ৰাপ্ত আৰু প্ৰমাণ পত্ৰ থকাসকলেহে চালক হ'ব পাৰিব ৷ ফেৰীত কিমান যাত্ৰী উঠিব পাৰিব, কিমান সামগ্ৰী কঢ়িয়াব পাৰিব, সেয়াও নিৰ্ধাৰণ কৰি দিব কর্তৃপক্ষই ৷ যিমান সংখ্যক যাত্ৰী থাকিব সিমান সংখ্যক জীৱন ৰক্ষাকাৰী আহিলা ৰখাটো নিশ্চিত হ'ব লাগিব ৷

An overview on works done by failed minister Chandramohan Patowary
ব্যৰ্থতাই লগ নেৰা এজন মন্ত্ৰীৰ কথাৰে...

ইয়াৰ উপৰি কর্তৃপক্ষই ফেৰীসমূহ নিয়মীয়াকৈ পৰিদর্শনৰ ব্যবস্থা কৰিব আৰু নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৷ উল্লেখ যে, এই ব্যৱস্থাসমূহ বলবৎ হোৱা হ'লে জল পৰিবহন ব্যৱস্থাটো উন্নত হোৱাৰ সুযোগ আছিল৷ সকলোবোৰ হোৱা হলে হয়টো নিমাতীঘাটৰ এই ভয়াৱহ ফেৰী দুৰ্ঘটনা নহ'লহেতেন ৷ কিন্তু মন্ত্ৰী পাটোৱাৰীয়ে আইনখন বিধানসভাত গৃহীত কৰোৱাতেই দায়িত্ব সামৰি থলে ৷ যাৰ পৰিনাম স্বৰূপে নিমাতীঘাটত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'ল ৷

সেইদৰে মন্ত্ৰী পাটোৱাৰীৰ দিনতে জল পৰিবহন বিভাগৰ এজন বিষয়া অনুৰূপ দুটা ঘটনাৰ বাবে তিনিবছৰত দুবাৰকৈ নিলম্বিত হ'ল ৷ 2018 চনত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ভয়াৱহ নাও দুৰ্ঘটনাৰ সময়তো জল পৰিবহণ বিভাগৰ কার্যবাহী অভিযন্তা বিক্ৰমাদিত চৌধুৰী সংশ্লিষ্ট দায়িত্বত আছিল ৷ কর্তব্যত প্ৰদর্শন কৰা চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে তেওঁক নিলম্বিত কৰা হৈছিল ৷ এইবাৰো একেই কাৰণতে তেওঁক পুনৰ নিলম্বিত কৰা হয় ৷

সাধাৰণ নাও যাত্ৰীৰ জীৱন বিপন্ন কৰি জল পৰিবহণ বিভাগে বাৰম্বাৰ এনেদৰে সাধাৰণ নাগৰিকৰ জীৱনক লৈ হেতালি খেলি দায়িত্বজ্ঞানহীন অভিযন্তাক গুৰুত্বপূর্ণ পদবীত মকৰল কৰি ৰখাৰ আঁৰৰ ৰহস্যক লৈ বৰ্ত্তমান প্ৰশ্ন উত্থাপন হৈছে ৷ এইজন মন্ত্ৰীৰ দিনতে অসমৰ দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ কিন্তু এইজন মন্ত্ৰীয়েই কাগজ কল দুটা পুনৰুজ্জীবিত কৰা হ'ব বুলি ব‍ৰম্বাৰ প্ৰতিশ্ৰুতি দিছিল আৰু কৰ্মচাৰীসকলক সান্ত্বনা দিছিল ৷

An overview on works done by failed minister Chandramohan Patowary
ব্যৰ্থতাই লগ নেৰা এজন মন্ত্ৰীৰ কথাৰে...

প্ৰকৃততে তেওঁ আভুৱাভাৰিছিল ৷ বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ কাগজ কল দুটাক ৰক্ষা কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হ'ল ৷ বৰ্তমান কাগজ লক দুটাৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ পানীত হাঁহ নচৰাত অৱস্থা হৈছে ৷ আনহাতে পাটোৱাৰী মন্ত্ৰী হৈ থকা সময়তে 2018 চনৰ 3 আৰু 4 ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল ‘এডভান্টেজ আছাম’ শীর্ষক এক বিনিয়োগৰ সন্মিলন ৷ ‘এডভান্টেজ আছাম’ৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীক দিয়া হৈছিল এক অনন্য ৰূপ ৷

ৰং বিৰঙৰ পোহৰেৰে জিলিকি উঠিছিল গুৱাহাটীৰ ৰাজপথ ৷ তাৰ বাবে ব্যয় কৰা হৈছিল কোটি কোটি টকা ৷ সন্মিলনখনৰ বাবে বুজন পৰিমানৰ পুঁজি ব্যয় কৰা হৈছিল ৷ ‘এডভান্টেজ আছাম’ত প্ৰস্তাৱ লোৱা হৈছিল যে অসমত এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগ হ'ব ৷ কিন্তু বিগত তিনিটা বছৰৰ সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ৷ এডভান্টেজ আছামৰ পাছৰ তিনিবছৰত অসমত বিদেশী বিনিয়োগ ঘটিল মাত্ৰ 165 কোটি টকাৰ ৷ এক লাখ কৌটি এতিয়াও যেন দূৰ আকশৰ তৰা ৷

ইফালে ৰাজকোষৰ পুঁজি ব্যয় কৰি বিয়াগোম আয়োজনেৰে অনুষ্ঠিত কৰা নমামি ব্ৰক্ষ্মপুত্ৰৰ যোগেদিও ৰাজ্যবাসীক বহু সপোন দেখুওৱা হৈছিল ৷ কিন্তু বাস্তৱত কি হ'ল সেয়া সকলোৰে জ্ঞাত ৷ ব্ৰহ্মপুত্ৰকলৈ কৰা সকলো ঘোষণাই প্ৰকৃতাৰ্থত মিছা প্ৰতিপন্ন হ'ল জল পৰিবহণ ব্যৱস্থাটোক নতুন ৰূপ দিয়াৰ সকলো প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে আছে ৷ উন্নত নহ'ল সাধাৰণ ফেৰী সেৱা৷

আনহাতে আই পি এছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰী অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক হিচাপে নিয়োজিত হৈ থকা সময়ত হোৱা বিভাগটোৰ বিয়োগোম দুৰ্নীতি-অনিয়মৰ ক্ষেত্ৰটো নিৰৱ হৈ আছে মন্ত্ৰী পাটোৱাৰী ৷ তেওঁৰ দিনতে পৰিবহণ বিভাগৰ বহু স্থাৱৰ সম্পত্তি অবৈধভাৱে বিক্ৰী কৰা হ'ল ৷ উল্লেখ যে, দায়িত্বত থকা প্ৰতিটো বিভাগৰ ক্ষেত্ৰতে মন্ত্ৰীগৰাকী কাৰ্যতঃ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

Last Updated : Sep 11, 2021, 8:51 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.