অসম

assam

উত্তৰ কামৰূপত বন বিভাগৰ জালত দুখন চোৰাং কাঠ ভৰ্তি ট্ৰাক

By

Published : Jul 23, 2021, 7:02 PM IST

বনাঞ্চল ৰক্ষাৰ বাবে চৰকাৰ কঠোৰ হৈছে যদিও বৰ্তমানেও ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ ৷ ভিন্ন স্থানত বেপাৰীয়ে চোৰাংভাৱে কাটি বিক্ৰী কৰি আছে মূল্যৱান গছ ৷ আৰক্ষী আৰু বন বিভাগে ইয়াৰ বিৰুদ্ধে অভিযান অব্যহত ৰাখিছে যদিও বৰ্তমানেও সম্পূৰ্ণ সফলতা লাভ কৰিব পৰা নাই ৷

উত্তৰ কামৰূপত বন বিভাগৰ জালত দুখন চোৰাং কাঠ ভৰ্তি ট্ৰাক
উত্তৰ কামৰূপত বন বিভাগৰ জালত দুখন চোৰাং কাঠ ভৰ্তি ট্ৰাক

ৰঙিয়া, 23 জুলাই : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (HIMNTA BISWA SARMA) কঠোৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈ পৰিছে বন বিভাগ । সেই অনুসৰি এক গোপন সূত্ৰৰ পম খেদি উত্তৰ কামৰূপ বন সংমণ্ডলৰ বন বিষয়াই অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে দুখনকৈ নথি পত্ৰ বিহীন ট্ৰাক । ট্ৰাক দুখনত আছিল প্ৰায় 30 লাখ টকাৰ মূল্যবান ছেগুণৰ কাঠ ৷

উল্লেখযোগ্য যে, ট্ৰাক দুখন নগালেণ্ডৰ পৰা শিলিগুৰি অভিমুখে গৈ থাকোতে গৌৰীপুৰত জব্দ কৰিছে বন বিভাগৰ অভিযানকাৰী দলটোৱে । বন বিভাগে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে আৰ জে (RJ)-৪০ চি (C-এA)-০৮৬৬ আৰু আৰ জে(RJ)-জি বি (GB)- ৯১৯৬। ট্ৰাক দুখনৰ সৈতে চালক শ্বাহৰূখ খান আৰু আৰিফ খানক আটক কৰিবলৈ সক্ষম হৈছে বন বিভাগৰ অভিযানকাৰী দলটোৱে ।

উত্তৰ কামৰূপত বন বিভাগৰ জালত দুখন চোৰাং কাঠ ভৰ্তি ট্ৰাক

আটকাধীন ট্ৰাক ড্ৰাইভাৰ দুয়োজনৰে ঘৰ হাৰিয়ানাত বুলি জানিব পৰা গৈছে । সম্প্ৰতি অধিক তথ্যৰ বাবে চালক দুজনক বন বিভাগৰ অভিযানকাৰী বিষয়া জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে, বনাঞ্চল ৰক্ষাৰ বাবে চৰকাৰ কঠোৰ হৈছে যদিও বৰ্তমানেও ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ ৷ ভিন্ন স্থানত বেপাৰীয়ে চোৰাংভাৱে কাটি বিক্ৰী কৰি আছে মূল্যৱান গছ ৷ আৰক্ষী আৰু বন বিভাগে ইয়াৰ বিৰুদ্ধে অভিযান অব্যহত ৰাখিছে যদিও বৰ্তমানেও সম্পূৰ্ণ সফলতা লাভ কৰিব পৰা নাই ৷

ইয়াৰ মাজতে মঙলবাৰে অৰ্থ্যাৎ 21 জুলাইত আৰক্ষীৰ অভিযানত চোৰাং শাল কাঠসহ এখন টাটা ডি আই বাহন জব্দ (Seized) হয় কলগাছিয়াত । উল্লেখ্য যে, গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষীয় চলাইছিল এই অভিযান ৷ উক্ত অভিযানত বৰপেটা জিলাৰ কলগাছিয়াৰ গুনিয়ালগুৰিৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা শাল কাঠসহ এখন টাটা ডি আই (TATA D I) বাহন জব্দ কৰে । কলগাছিয়া আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় এই কাঠ ভৰ্তি বাহনখন ।

অৱশ্যে আন্ধাৰৰ সুযোগলৈ পলায়ন কৰে বাহনখনৰ চালকজন । AS-19-AC-3208 নম্বৰৰ ডি আই বাহন খনৰে অভয়াপুৰীৰ পৰা কাঠখিনি কোকিলা দিশে গৈ থকা বুলি বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ উক্ত খবৰটো লাভ কৰাত কলগাছিয়া আৰক্ষীয়ে গুনিয়ালগুৰি কৱৰস্থানৰ সন্মুখত তালাচী চলায় জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’ব প্ৰদ্যুৎ বৰদলৈ !

ABOUT THE AUTHOR

...view details