অসম

assam

Rail Passengers Association Press Meet: যাত্ৰীৰ সমস্যা সমাধানৰ দাবী ৰে’লযাত্ৰী সংস্থাৰ

By

Published : Dec 11, 2022, 10:20 PM IST

অসমৰ ৰে’লযাত্ৰীসকলে বিভিন্ন সময়ত সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত ৰঙিয়াত অসম ৰে’লযাত্ৰী সংস্থাৰ সংবাদমেল ৷ বিভাগীয় কৰ্তৃপক্ষক যাত্ৰীসকলে সন্মুখীন হৈ অহা সমস্যা সমূহ সামাধানৰ দাবী সংস্থাটোৰ দাবী ৷ ইফালে, ৰে’লযাত্ৰী সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্যৰ সাংসদসকলে লোৱা নমনীয় স্থিতিকো সমালোচনা অসম ৰে’লযাত্ৰী সংস্থাৰ ৷

Rail Passengers Association Press Meet
ৰে’ল যাত্ৰীৰ সমস্যা সমাধানৰ দাবীৰে অসম ৰে’ল যাত্ৰী সংস্থাৰ সংবাদমেল

ৰে’ল যাত্ৰীৰ সমস্যা সমাধানৰ দাবীৰে অসম ৰে’ল যাত্ৰী সংস্থাৰ সংবাদমেল

ৰঙিয়া, 11 ডিচেম্বৰ: ৰঙিয়া প্ৰেছ ক্লাবত অসম ৰে’লযাত্ৰী সংস্থাৰ সংবাদমেল(All Assam Rail Passengers Association) ৷ অসমৰ ৰে’লযাত্ৰীসকলে বিভিন্ন সময়ত সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত সম্বোধন কৰা হয় এই সংবাদমেল ৷ উল্লেখ্য যে, ৰাজধানী এক্সপ্ৰেছ ৰে’লখন ৰঙিয়াত ৰখোৱাৰ বাবে বহুবাৰ বিভাগক আবেদন জনোৱাৰ পিছতো বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভ উজাৰে অসম ৰে’লযাত্ৰী সংস্থাই(Demanding solve the problems facing by rail passengers) ৷

সমান্তৰালভাৱে, ৰাজধানী এক্সপ্ৰেছ ৰঙিয়াত ৰখোৱা সন্দৰ্ভত সাংসদ সকলৰ স্থিতিক লৈও অসন্তুষ্টি প্ৰকাশ কৰে ৰে’লযাত্ৰী সংস্থাই ৷ ৰাজ্যৰ সাংসদসকলক দিল্লীৰ পৰা অসমৰ ৰে’লৰ সমস্যা সমুহ সমাধান কৰি আনিবলৈ আহ্বান ৰে’ল যাত্ৰী সংস্থাৰ বিষয়ববীয়াৰ ৷

ইফালে, ক'ভিডৰ পিছৰ পৰা ৰেলযাত্ৰী সকলে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা সমূহৰ বিষয়ে সবিস্তাৰে ব্যাখ্যা কৰা হয় এই সংবাদমেলত ৷ ক'ভিডৰ পূৰ্বে বিভিন্ন স্থানৰ পৰা চলি থকা স্থানীয় ৰে’লসমূহ ক'ভিডৰ পিছতো নচলাৰ বাবে ৰে’লৰ নিয়মীয়া যাত্ৰী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ ৰে’লযাত্ৰী সংস্থাৰ(Rail passengers facing problems after covid19) ৷

বিশেষকৈ গুৱাহাটী-নিউ বঙাইগাঁও পেছেঞ্জাৰ , ডিব্ৰুগড়-লিডু পেছেঞ্জাৰ , আলিপুৰদুৱাৰ-গুৱাহাটী আই চি , ডিব্ৰুগড়-গুৱাহাটী শতাব্দী , মৰিয়নী-ডিমাপুৰ পেচেঞ্জাৰ , ডিব্ৰুগড়-ডেকাৰগাঁও , নিউ জলপাইগুৰি-ৰঙিয়া এইকেইখন ট্ৰেইন ৰাজ্যৰ ৰে’ল যাত্ৰী সকলৰ বাবে যথেষ্ট জৰুৰী আছিল । ইয়াৰ উপৰিও ৰে’ল বিভাগে ক'ভিডৰ গইনা লৈ কেইবাখনো স্থানীয় ৰে’ল চুপাৰ ফাষ্ট কৰাৰ লগতে ভাড়া বৃদ্ধি কৰি বহু গুৰুত্বপূৰ্ণ সৰু সৰু ষ্টপেজ বন্ধ কৰি পেলোৱাৰ ফলতো যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰে সংবাদমেলত ৷

সম্প্ৰতি দ্বৈত লাইন তথা বৈদ্যুতিকৰণ হোৱালৈ লক্ষ্য কৰি চেপ্তী SK-II ৰে’ল গেটৰ কাষত এটা হল্ট ষ্টেচন নিৰ্মাণৰো দাবী সংস্থাটোৰ ৷ ৰঙিয়াৰ তিনিআলিত ৰে’লৱে লেভেল ক্ৰছিঙত এখন ফ্লাই অভাৰৰ প্ৰয়োজনীয়তাৰ বিষয়টোও উল্লেখ কৰা হয় সংবাদমেলত(Demand for build railway flyover at Rangia) ৷

উল্লেখ্য যে, অসম ৰেলযাত্ৰী সন্থাৰ উপ সভাপতি ড৹ পদ্মা বুঢ়া আগৰৱালাকে ধৰি প্ৰাক্তন বিধায়ক অনন্ত ডেকা , জেষ্ঠ নাগৰিক গিৰিজানন্দ ভট্টাচাৰ্য , চেপ্তি হল্ট ষ্টেচন দাবী সমিতিৰ সভাপতি কৰুণা শৰ্মা , সম্পাদক বিপুল চক্ৰৱৰ্তীকে ধৰে বহুতো লোক উপস্থিত থাকে এই সংবাদমেলত ৷

লগতে পঢ়ক:Guwhati Police: মহানগৰীত ACP নিলোৎপল ডেকাৰ গুণ্ডাৰাজ

ABOUT THE AUTHOR

...view details