অসম

assam

Mid Day Meal Workers Union Press Meet : শীঘ্ৰে আন্দোলনত নামিব মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকল

By

Published : Dec 8, 2021, 10:48 AM IST

মঙলবাৰে ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে সম্বোধন কৰে এক সংবাদমেল(Mid Day Meal Workers Union Press Meet)ৰ ৷ সংবাদমেলযোগে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সদস্যই ৰাজ্যজুৰি পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ কথা মন্তব্য কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ 20 ডিচেম্বৰত জিলা ভিত্তিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিয়ে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৷

press meet of Mid day meal workers union at rangia
ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদমেল

ৰঙিয়া, 8 ডিচেম্বৰ :ৰাজ্যজুৰি পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে(Mid Day Meal Workers Union Press Meet) । এই সন্দৰ্ভত মঙলবাৰে ৰঙিয়াত ইউনিয়নে সম্বোধন কৰে এক সংবাদমেল ৷

সংবাদমেলত সংগঠনটোৰ নেতৃবৃন্দই সদৰী কৰা অনুসৰি, বছৰ বছৰ ধৰি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত অতি নিম্ন পাৰিশ্ৰমিকত কৰ্ম সম্পাদন কৰি আহিছে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে । আনকি মাননিৰ ধন বৃদ্ধিৰ বাবে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হোৱা ৰন্ধন কৰ্মীসকলৰ পাৰিশ্ৰমিকৰ ধন বৃদ্ধি কৰাৰ বিপৰীতে চৰকাৰে সমগ্র আঁচনিখন অক্ষয়পাত্ৰ ফাউণ্ডেচনৰ দৰে বে-চৰকাৰী সংস্থাক গতাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ।

যাৰ পৰিপ্ৰেক্ষিতত 20 ডিচেম্বৰত জিলা ভিত্তিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । সমান্তৰালভাৱে একেটা দিনতে গুৱাহাটীত বিক্ষোভ সমাৱেশ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ সভাপতি বিবেকানন্দ অধিকাৰী আৰু সাধাৰণ সম্পাদিকা কনকলতা দাস প্ৰমূখ্যে অন্যান্য নেতৃবৃন্দই ।

লগতে পঢ়ক :Students' Protest at Rangia: পাঠগ্ৰহণ এৰি ধৰ্ণাত বহিল ছাত্র-ছাত্ৰী

ABOUT THE AUTHOR

...view details