ETV Bharat / state

Students' Protest at Rangia: পাঠগ্ৰহণ এৰি ধৰ্ণাত বহিল ছাত্র-ছাত্ৰী

author img

By

Published : Dec 4, 2021, 9:22 PM IST

কানিকুছি নিজ বড়িগোগ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে(Students protest in Rangia) শনিবাৰে বিদ্যালয়ৰ প্ৰাংগনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিদ্যালয়খনত সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তুলিবলৈ দাবী জনায় প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী(Massive protest at Rangia)সকলে ৷

Students protest in Rangia
পাঠগ্ৰহণ এৰি ধৰ্ণাত বহিল ছাত্র-ছাত্ৰী

ৰঙিয়া, 4 নৱেম্বৰ : ৰঙিয়াৰ কানিকুছি নিজ বড়িগোগ হাইস্কুল(Kanikuchi niz Borigog High School)ৰ এশ এবুৰি সমস্যাক লৈ অতিষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে শনিবাৰে বিদ্যালয়ৰ প্ৰাংগনত উত্তাল প্ৰতিবাদ(Massive protest at Rangia staged by pupils ) সাব্যস্ত কৰে । বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তি, সময়মতে শিক্ষকৰ উপস্থিতি, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, উন্নত প্ৰস্ৰাৱগাৰ নিৰ্মাণ, ভগ্ন ডেস্ক-বেঞ্চ মেৰামতি কৰা, মধ্যাহ্ন ভোজনত পুষ্টিকৰ খাদ্য যোগান ধৰাকে আদি কৰি বিভিন্ন দাবীত ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

ৰঙিয়াত ছাত্র-ছাত্ৰীৰ প্ৰতিবাদ

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে শৈক্ষিক অব্যৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি সমস্যাত ভুগি আহিছে । যাৰ বাবে শিক্ষা গ্ৰহণত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এইসকল শিক্ষাৰ্থী । গণিত আৰু হিন্দী শিক্ষকৰ পদ খালী থকাৰ বাবে এই বিষয় দুটাৰ শিক্ষা গ্ৰহণৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ আহিছে । ইয়াৰ উপৰিও বিদ্যালয় গৃহ জহি-খহি যোৱাৰ লগতে ডেস্ক-বেঞ্চ ভাঙি গৈছে ।

বিশুদ্ধ খোৱাপানীৰ দৰে নুন্যতম সুবিধাৰ পৰাও বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল । মধ্যাহ্ন ভোজনৰ নামত অখাদ্য পৰিবেশন কৰি অহা বুলিও বিদ্যাৰ্থী আৰু অভিভাৱক সকলে অভিযোগ কৰে । শীঘ্ৰে এই চৰকাৰী বিদ্যালয়খনত সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তুলিবলৈ দাবী জনায় প্ৰতিবাদী শিক্ষাৰ্থীসকলে ।

লগতে পঢ়ক : Protest in Dibrugarh University: নাহৰৰ দেশত ছাত্ৰ আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.