ৰঙিয়া, 21 ছেপ্টেম্বৰ :কামৰূপ জিলাৰ ৰঙিয়াত বিজেপি দলে এক বিশাল যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে । মঙলবাৰে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হাছানটুক গাঁৱত আয়োজিত এই বিশাল যোগদান কাৰ্যসূচীত 300 ৰো অধিক লোকে বিজেপিত যোগদান কৰে (More than 300 people join BJP)। আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসৰ নেতৃত্বত আয়োজন হোৱা যোগদান কাৰ্যসূচীৰ সভাখনৰ সভাপতিত্ব কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ।
উক্ত যোগদান কার্যসূচীত বৈদ্যগড় গাঁও পঞ্চায়ত আৰু আৰিমত্ত গাঁও পঞ্চায়তৰ ৩০০ ৰো অধিক কংগ্ৰেছ কর্মী তথা সমৰ্থকে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগ দান কৰে (More than 300 people join BJP) ৷ বিজেপি নেতৃত্বধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰখনৰ প্ৰতি আকৃষ্ট হৈ আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ সৰ্বাংগীন তথা বিৰামহীন প্ৰগতি আৰু উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিত লোকসকলে আনুষ্ঠানিকভাৱে যোগদান কৰে বুলি কয় ভৱেশ কলিতাই (Bhabesh Kalita at BJP Joining program)।