ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসত বৃত্তিমূলক আঁচনি আৰম্ভ - 73 Foundation day of NCHAC

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 8:51 PM IST

73 Foundation day of NCHAC
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ

Foundation day of NCHAC:আজি উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন । ইয়াৰ সৈতে সংগতি ৰাখি ডিমা হাছাও জিলাৰ ১০০ শতাংশ উত্তীৰ্ণ ১০ খন চৰকাৰী বিদ্যালয়ক জনোৱা হয় সন্মান ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ

হাফলং, ২৯ এপ্ৰিল : ১৯৫২ ৰ ২৯ এপ্ৰিলত গঠিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে আজি ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে । আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে বিভিন্ন কাৰ্যসূচীৰে হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত এই প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিমা হাছাও জিলাত ১০০ শতাংশ উত্তীৰ্ণ ১০ খন চৰকাৰী বিদ্যালয়ক সন্মান জনোৱা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই কয় ," আজিৰ দিনত আমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিমূলক আঁচনি আৰম্ভ কৰিছো । " তেওঁ কয়," ডিমা হাছাও জিলাত এইবাৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰী-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকক ২০ হাজাৰ টকা, দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ১০ হাজাৰ টকাৰ বৃত্তি দিয়া হ'ব । কিন্তু এই আঁচনিৰ বাবে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে স্থানীয় পৰিষদৰ পৰা প্ৰমানপত্ৰ লৈ আহিব লাগিব । "

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পুনৰ কয় যে বিগত কেইবছৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ শীৰ্ষ পাঁচ নম্বৰ স্থানৰ ভিতৰতে আছে পাহাৰীয়া জিলাখন । পাহাৰীয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকল এ পি এছ চি, ইউ পি এছ চি আৰু মেডিকেলত সুযোগ লাভ কৰাৰ উপৰি ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে । শিক্ষাখণ্ডত ডিমা হাছাও জিলাই এতিয়া সফল স্থান লাভ কৰিছে বুলি মন্তব্য় কৰে দেবলাল গাৰ্লোচাই ।

লগতে পঢ়ক:ছেবাৰ শিক্ষাৰ্থীয়ে এতিয়াৰে পৰা পঢ়িব লাগিব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ - SEBA ACADEMIC CALENDAR 2024 25

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.