ETV Bharat / state

ছেবাৰ শিক্ষাৰ্থীয়ে এতিয়াৰে পৰা পঢ়িব লাগিব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ - SEBA ACADEMIC CALENDAR 2024 25

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 12:16 PM IST

ASSAM BOARD ACADEMIC CALENDAR 2024-25 : SEBA ADDED ARTIFICIAL INTELLIGENCE AND ROBOTICS IN NEW ACADEMIC CALENDAR FOR CLASS 9 and 10
ছেবাৰ শিক্ষাৰ্থীয়ে এতিয়াৰে পৰা পঢ়িব লাগিব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ

SEBA guidance : অসম মাধ্যমিক শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ নতুন ঐচ্ছিক বিষয় হ’ব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ ৷ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা 'ছেট'ৰ অ' এম আৰ শ্বিট থাকিব ৷

গুৱাহাটী, 28 এপ্ৰিল : চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ পাঠ্যক্রমত ঐচ্ছিক বিষয় হিচাপে সন্নিৱিষ্ট হ'ব ‘‘কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিকছ’’ । অসম মাধ্যমিক শিক্ষা পৰিষদে(ছেবা)ই চলিত শিক্ষাবৰ্ষৰ পৰাই (2024-25) পৰীক্ষা ব্যৱস্থাত কেতবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটাইছে । অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ই এখন জাননীযোগে ঘোষণা কৰিছে এই কথা ।

এই সন্দৰ্ভত পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীত আৰু 2025-26 বৰ্ষৰ পৰা দশম শ্ৰেণীত "কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ" নামেৰে নতুন ঐচ্ছিক বিষয় সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই নতুন ঐচ্ছিক বিষয়ৰ পাঠ্যপুথিৰ পি ডি এফ সংস্কৰণ (PDF version) পৰিষদৰ ৱেবছাইট www.sebaonline.org ত উপলব্ধ হ'ব । একেদৰে, পাঠ্যপুথিখন ডাউনলোড কৰিবও পাৰিব । সমান্তৰালভাৱে পাঠ্যপুথি মুকলি বজাৰতো উপলব্ধ হ'ব ।

ASSAM BOARD ACADEMIC CALENDAR 2024-25 : SEBA ADDED ARTIFICIAL INTELLIGENCE AND ROBOTICS IN NEW ACADEMIC CALENDAR FOR CLASS 9 and 10
ছেবাৰ শিক্ষাৰ্থীয়ে এতিয়াৰে পৰা পঢ়িব লাগিব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ

অধিসূচনাখনত পৰিষদে পুনৰ উল্লেখ কৰা অনুসৰি চলিত শিক্ষাবৰ্ষৰ পৰা সকলো বৃত্তিমুখী পাঠ্যক্ৰমৰ ব্যৱহাৰিক নম্বৰ হ'ব 50 শতাংশ । অন্যান্য বৃত্তিমুখী বিষয় গার্মেন্ট ডিজাইনিং, উডক্রাফট, গীত, নৃত্য, যোগ, শাৰীৰিক শিক্ষা, ফাইন আর্ট, গৃহ বিজ্ঞান আদিৰ বাবেও 50 শতাংশ ব্যৱহাৰিক নম্বৰ সন্নিৱিষ্ট হ'ব । অৱশ্যে কম্পিউটাৰ বিজ্ঞান আৰু বাণিজ্যৰ ব্যৱহাৰিক নম্বৰ পূৰ্বৰ দৰেই 30 শতাংশ থাকিব ।

ইপিনে নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাসমূহ জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটীয়ে নিয়ন্ত্ৰণ কৰিব । কেন্দ্ৰভিত্তিত ব্যৱহাৰিক পৰীক্ষা গ্রহণ কৰা নিয়ম এইবাৰৰ পৰা নাইকিয়া হ'ব বুলি ছেবাই জাননীখনত প্রকাশ কৰিছে । আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত এম চি কিউ আৰু বর্ণনামূলক প্রশ্নকাকতৰ দুয়োটা খণ্ডত পৰীক্ষার্থীয়ে উত্তীর্ণ হোৱাটো বাধ্যতামূলক হ'ব ।

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অ' এম আৰ শ্বিট চাৰিটা 'বিভাগ' থাকিব । ইংৰাজী আৰু অন্যান্য ভাষাকেন্দ্রিক বিষয়সমূহৰ প্ৰশ্ন পাঠ্যপুথিকেন্দ্ৰিক অধ্যায়ৰ পৰা অহাটো বাধ্যতামূলক নহয় । প্রশ্নবোৰ শৈক্ষিক মান বৃদ্ধিৰ বাবে সন্নিৱিষ্ট কৰা হ'ব । বিজ্ঞান আৰু গণিতৰ প্ৰশ্নসমূহ পাঠ্যপুথিৰ পৰা প্রত্যক্ষভাৱে দিয়া নহয় ।

লগতে পঢ়ক : ছেবা আৰু শিক্ষা সংসদৰ একত্রিকৰণ : কেবিনেটৰ অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.