সলনি নহয় বিজেপিৰ ৰাজ্যিক সভাপতি: সাংসদ কামাখ্যা প্রসাদ তাছাৰ স্পষ্টীকৰণ

author img

By

Published : Sep 20, 2022, 10:21 PM IST

bjp state chief spokesperson reaction

উজনিৰ পৰা এজনক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হ'ব বুলি চলি থকা চৰ্চাক নসাৎ বিজেপিৰ । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ দলৰ ৰাজ্যিক মুখ্য মুখপাত্র তথা সাংসদ কামাখ্যা প্রসাদ তাছাৰ(State chief spokesperson Kamakhya Prasad Tasa) ।

গুৱাহাটী,২০ ছেপ্তেম্বৰ: বিজেপিৰ ৰাজ্যিক সভাপতি সলনিকলৈ চলি থকা গুণাগথাৰ মাজতে দলে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া । উজনিৰ পৰা এজনক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হ'ব বুলি চলি থকা চৰ্চাক নসাৎ কৰিছে দলে(BJP state president has not changed) । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিবৃত্তি প্ৰদান কৰে দলৰ ৰাজ্যিক মুখ্য মুখপাত্র তথা সাংসদ কামাখ্যা প্রসাদ তাছাই(State chief spokesperson Kamakhya Prasad Tasa) ।

তেওঁ কয় যে ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ(2024 Lok Sabha elections) বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(BJP state president Bhavesh Kalita)ৰ নেতৃত্বতেই দলে সাংগঠনিক কামকাজ ব্যাপক কাৰ্যসূচীৰে সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী নীতিৰ আধাৰত আগবঢ়াই নিছে । মুখ্য মুখপাত্ৰজনে স্পষ্টভাৱে কয় যে বর্তমানে ৰাজ্যিক সভাপতি সলনি হোৱাৰ কোনো চিন্তাচর্চা দলৰ মজিয়াত হোৱা নাই । একাংশ সংবাদ মাধ্যমত ৰাজ্যিক সভাপতি সলনি হ'ব বুলি প্ৰকাশ পোৱা বাতৰিক তেওঁ ভিত্তিহীন বুলি উল্লেখ কৰে । এনে ভিত্তিহীন বাতৰিক গুৰুত্ব প্রদান নকৰিবলৈ তেওঁ ৰাজ্যবাসীক আহ্বান জনায় ।

তেওঁ কয় যে ভৱেশ কলিতাৰ নেতৃত্বতেই ৮ অক্টোবৰৰ দিনা গুৱাহাটীত দলীয় কার্যকৰ্তাৰ এক বিশাল সন্মিলন খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব(Huge gathering of party functionaries) । প্রায় ৪০ হাজাৰ দলীয় দায়িত্বত থকা কার্যকর্তাই অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনখনত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব । ৰাজ্যিক বিজেপিৰ ৰাজনৈতিক নেতৃত্ব পৰিৱৰ্তনক লৈ দলৰ শীৰ্ষ মহলত কোনো ধৰণৰ চিন্তা-চৰ্চা হোৱা নাই সেয়া এই কথাই স্পষ্ট কৰি তোলে বুলি তাছাই কয় ।

তেওঁ লগতে কয় যে অসমৰ সকলো ভৌগলিক ক্ষেত্ৰ সামৰি বিজেপিৰ ৪০ খন সাংগঠনিক জিলা, ৪০০ টা মণ্ডল, ৬৫০০টা শক্তিকেন্দ্ৰৰ উপৰিও ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীকে ধৰি সৰ্বস্তৰৰ লোকৰ ৰাজনৈতিক অংশীদাৰীত্ব নিশ্চিত কৰি দলৰ ৮ টাকৈ মৰ্চাই অতি সবল আৰু বলিষ্ঠভাৱে পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰৰ সকলো ক্ষেত্ৰক সামৰি ব্যাপক হাৰত সাংগঠনিক কামত নিজকে উৎসর্গা কৰি আহিছে ।

এই বিশাল দলীয় সংগঠন গঢ়ি তোলাৰ বাবে দলৰ ৪৫ লাখতকৈও অধিক কার্যকৰ্তাই আগবঢ়োৱা নিৰলস-নিৰবিচ্ছিন সেৱা আৰু সহযোগিতাই ৰাজ্যখনত ২৮ হাজাৰতকৈও অধিক বুথ সমিতিৰ এক বিশাল দলীয় সংগঠন গঢ়ি তুলিছে । তেওঁ লগতে কয় যে দলৰ এই বিশালতাৰ মাজত কেতিয়াও পাহাৰ-ভৈয়াম, বৰাক-ব্রহ্মপুত্র, উজনি-নামনি, উত্তৰপাৰ-দক্ষিণপাৰ আদিৰ বিষয়ে কোনো চিন্তাই নহয় । দলৰ মঞ্চত প্ৰতিজন কাৰ্যকৰ্তাৰে নিশ্চিত আৰু নিৰ্ধাৰিত ভূমিকা থাকে ।

দলীয় সিদ্ধান্ত অনুসৰিয়েই প্ৰতিজন কাৰ্যকৰ্তাই নিজৰ নিজৰ দায়িত্ব পালন কৰি আহিছে । বিজেপিয়ে সংগঠনৰ বিষয়ত ক্ষেত্র তথা অঞ্চল ভিত্তিক কোনো বিষয় কেতিয়াও চর্চা নকৰে বুলি তেওঁ উল্লেখ কৰে । বৰঞ্চ সকলো অঞ্চলকে সমান গুৰুত্ব দি সংগঠন শক্তিশালী কৰাতহে দলে গুৰুত্ব দি আহিছে । যাৰফলত সমগ্ৰ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন আটাইতকৈ প্ৰভাৱী আৰু শক্তিশালী বুলি চিহ্নিত হৈছে । সেয়ে একাংশ লোকে অসম বিজেপিত উজনি-নামনিৰ মাজত মত বিৰোধ থকা বুলি চলোৱা প্ৰচাৰ গোকাট মিছা আৰু একেবাৰে ভিত্তিহীন বুলি তেওঁ সদৰি কৰে ।

লগতে পঢ়ক: অহা ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগত নতুন নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.