ETV Bharat / state

এখন আকাশলংঘী বিদ্যুৎ বিলে কন্দুৱাইছে এগৰাকী অসহায় বিধৱাক - Shocking Electricity Bill

Shocking Electricity Bill: মৃত ব্য়ক্তিৰ নামত বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ নিৰ্দেশ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ । কিমান টকাৰ বিল হ'ব পাৰে ? ইয়াৰ পিচতেই উচুপিছে গোলাঘাটৰ এগৰাকী অসহায় মহিলাই ।

Allegation against APDCL
উচুপিছে অসহায় মহিলাই
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 8:59 PM IST

3 Min Read
Choose ETV Bharat
উচুপিছে অসহায় মহিলাই

সৰুপথাৰ, ২৯ এপ্ৰিল: চৰকাৰে সুচলভাৱে ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰা বুলি দাবী কৰি অহাৰ সময়তে ৰাজ্যত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ আজৱ কাণ্ডই চৰ্চা লাভ কৰি আহিছে । বিশেষকৈ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত এক প্ৰকাৰ অসম্ভৱ বিদ্যুৎ বিলে গ্ৰাহকৰ নিদ্ৰাহৰণ কৰা ঘটনা প্ৰকাশ পাই আহিছে । ইয়াৰ মাজতেই আকৌ সৰুপথাৰৰ মৃত ব্য়ক্তিৰ নামত প্ৰেৰণ কৰিলে চকু কঁপালত উঠা এখন বিল । এই বিলখন লাভ কৰাৰ পিচত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কাৰ্যালয়লৈ তাঁত-বাতি কাঢ়ি সুফল নোপোৱাত হতাশাত ভুগিছে সৰুপথাৰৰ এগৰাকী অসহায় বিধৱা মহিলাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

অসহায় মহিলাগৰাকীয়ে উচুপি কয়," বিদ্যুৎ বিল যদি মাফ কৰিব নোৱাৰে, তেতিয়া মোক আৰু মোৰ ল'ৰাক জেলত ভৰাওঁক । ন'হলে আমাক মাৰি পেলাওক । মোৰ উপায় নাই ।" গোলাঘাট জিলাৰ নাওজান অঞ্চলৰ ২নং কৈৰীগাঁৱৰ বিতুমণি মুদৈ নামৰ এগৰাকী মহিলাৰ কৰুণ কাহিনীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । মহিলাগৰাকীৰ অভিযোগ মতে, তেওঁ ২০০৩ চনত বিবাহ পাশত আৱদ্ধ হোৱা সময়ছোৱাত তেওঁলোকৰ ঘৰটোত বিদ্যুৎ সংযোগ নাছিল ।

২০১৬ চনত স্বামীৰ মৃত্য়ুৰ পিছত বিতুমণিয়ে এটি চৰকাৰী ঘৰ লাভ কৰে । ২০১৮ চনত বিতুমণিয়ে নিজাববীয়াকৈ তেওঁৰ নামত বিদ্যুৎ সংযোগ কৰে । মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, বিদ্যুৎ বিভাগৰ পৰা তেওঁলৈ স্বামীৰ নামত এখন জাননী প্ৰেৰণ কৰিছে আৰু এই জাননীখনত স্বামীৰ নামত থকা বিদ্যুৎ সংযোগৰ বাবদ ৭৯,৫২১ টকাৰ বিদ্যুৎ বিল পৰিশোধ নিৰ্দেশ দিয়া হৈছে । ইপিনে, স্বামীৰ নামত থকা বিদ্যুৎ বিলৰ বিষয়ে মহিলাগৰাকী অৱগত নহয় বুলি কয় ।

দৰিদ্ৰ মহিলাগৰাকীয়ে ইমান মোটা অংকৰ ধন কেনেকৈ পৰিশোধ কৰিব ? উপায়হীন হৈ তেওঁ সেই বিল মাফ কৰিব দিবলৈ এখন দৰ্খাস্ত সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত জমা দিয়ে । ইয়াৰ পিচতো সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ বিষয়াই এই বিষয়ত মান্তি নহ'ল । বৰং তিনিমাহমান পূৰ্বে মহিলা গৰাকীয়ে নিজৰ নামত লোৱা বিদ্যুৎ সংযোগো বিভাগটোৰ লোকে কৰ্তন কৰে । এই সংযোগৰ বিল তেওঁ নিয়মীয়াভাৱে বহন কৰি অহাৰ পিচতো কৰ্তন কৰাত এতিয়া মহিলাগৰাকীয়ে চকুলো টুকিছে ।

ঘৰত খাবলৈ অনা মিঠাতেলকে ব্যৱহাৰ কৰি মাটিৰ চাকি দুগচি জ্বলাই পুত্ৰক পঢ়িবলৈ দিয়ে । মাটিৰ চাকিৰ পোহৰত পুত্ৰইও কিমান সময় পঢ়িব ? উপায়হীন হৈ দুৰ্ভগীয়া মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:মাজুলীত জ্বলি ছাই হ’ল ৫০ ঘৰ লোকৰ ইলেকট্ৰনিকছ সামগ্ৰী - Irresponsibility Of APDCL