ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিখ্যাত বাঁহীবাদক পণ্ডিত চেতন যোশী - Tezpur University

Tezpur University : তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিখ্যাত বাঁহীবাদক পণ্ডিত চেতন যোশী ৷ তেওঁৰ বাঁহীৰ সুৰত মন্ত্ৰমুগ্ধ তেজপুৰ বিশ্ববিদ্যালয়বাসী ৷

Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিখ্যাত বাঁহীবাদক পণ্ডিত চেতন যোশী
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 8:50 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ২৯ এপ্ৰিল : ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিখ্যাত বাঁহীবাদক তথা সংগীত নাটক একাডেমীৰ বঁটা বিজয়ী পণ্ডিত চেতন যোশীয়ে 28 এপ্ৰিলত তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হয় ৷ পণ্ডিত চেতন যোশীয়ে এক মনোমোহা অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ।

তেজপুৰ বিশ্ববিদ্যালয় আৰু ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ বিভিন্ন দিশৰ প্ৰচাৰ কৰা স্বেচ্ছাসেৱী যুৱ আন্দোলন ছ’চাইটি ফৰ দ্য প্ৰমোচন অৱ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড কালচাৰ আমংষ্ট ইউথ (SPIC MACAY)ৰ যৌথ উদ্যোগত আয়োজিত কৰা হৈছিল এই অনুষ্ঠান । ব’হাগ মাহ উৎসৱ মাহ “ব’হাগ”ৰ মনোভাৱক সজীৱ কৰি তোলাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত পণ্ডিত যোশীৰ বাঁহীৰ সুৰত দৰ্শকক আলোড়িত কৰি মন্ত্ৰমুগ্ধ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পণ্ডিত যোশীয়ে ধাৰাবাহিকভাৱে ৰাগ পৰিৱেশন কৰে ৷ প্ৰদীপ সৰকাৰ নামৰ বিখ্যাত তবলা শিল্পীগৰাকীয়ে তেওঁক সংগ দিয়ে ৷ অনুষ্ঠানৰ অন্তত পণ্ডিত যোশীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি সকলোৰে প্ৰশ্নৰ উত্তৰ দিয়ে ।

তেওঁ কয় যে সংগীত কেৱল মনোৰঞ্জনৰ বাবেই নহয় আমাৰ সংস্কৃতি আৰু আমাৰ সংস্কৃতিৰ শিপা বুজিবলৈও ই অত্যন্ত গুৰুত্বপূৰ্ণ । লগতে তেওঁ ভাৰতীয় সংগীত আৰু পশ্চিমীয়া সংগীতৰ প্ৰধান পাৰ্থক্যও তেওঁ ব্যাখ্যা কৰে।

সংগীত এটা অনুভৱ, ই আপোনাৰ আত্মাক স্পৰ্শ কৰে বুলি পণ্ডিত যোশীয়ে মন্তব্য প্ৰকাশ কৰে । এই সংগীত সন্ধিয়াৰ আৰম্ভণিতে পি এইছ ডি শংকৰজ্যোতি শইকীয়াই তবলা পৰিৱেশন কৰে ৷

অনুষ্ঠানটোৰ সন্দৰ্ভত ভাষণ দি উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে কয়, "Music is magic & the University was honored to host Pandit Chetan Joshi at Tezpur University". অধ্যাপক সিঙেও অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে শিল্পীদ্বয়ক সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক: আপোনাৰ সপোন পূৰ কৰিবলৈ কৰক এই উপায়: বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনৰ টিপছ - Vastu tips for manifestation