অসম

assam

1বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Dec 22, 2022, 1:44 PM IST

Updated : Dec 22, 2022, 2:20 PM IST

1বজাৰ 10 টা শীৰ্ষ বাতৰি

Etv Bharat
Etv Bharat

Pakistani drone shot down: পাঞ্জাৱৰ ফিৰোজপুৰ চেক্টৰত ভূ-পতিত পাকিস্তানী ড্ৰোণ

পাঞ্জাৱৰ ফিৰোজপুৰ চেক্টৰত সীমান্ত সুৰক্ষা বাহিনীয়ে এখন পাকিস্তানী ড্ৰোণলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে । লগতে ড্ৰোণখনত গুলীয়াই ভূ-পতিত কৰিবলৈ সক্ষম হয় । বুধবাৰেও সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাৱৰ অমৃতসৰ জিলাত পাকিস্তানৰ পৰা প্ৰৱেশ কৰা এখন ড্ৰোণ গুলীয়াই ভূ-পতিত কৰে ।

Road Accident at Amguri: বিলাসী বাহনৰ খুন্দাত নিহত পথচাৰী

আমগুৰিৰ খৰাগড়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ AS-04 P 0167 নাম্বাৰৰ ডাচতান বাহন এখনে এজন পথচাৰীক মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যুৰ মুখত পৰে লোকজন ৷

Jorhat massive fire: বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল যোৰহাট চহৰৰ বৃহৎ অঞ্চল

যোৰহাটৰ মাৰোৱাৰীপট্টি অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড । নগৰখনৰ বৃহৎ অঞ্চলটোত জুয়ে এফালৰ পৰা গ্ৰাস কৰিছে । নিশা 10.45 বজাৰ পৰাৰ পুৱতি নিশালৈকে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপক বাহিনী ।

Additional Security Assistance for Ukraine: ইউক্ৰেইনলৈ আমেৰিকাৰ সামৰিক সাহায্য

আমেৰিকাত উপস্থিত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি। হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনক সাক্ষাৎ কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে । একে সময়তে, আমেৰিকাই ইউক্ৰেইনৰ বাবে এক বিলিয়ন ডলাৰৰো অধিক অতিৰিক্ত সামৰিক সাহায্য ঘোষণা কৰিছে ।

Review meeting on Planetarium:বিজ্ঞান কেন্দ্ৰ-তাৰকাগৃহৰ নিৰ্মাণ মন্থৰকলৈ অসন্তুষ্ট মন্ত্ৰী

ৰাজ্য চৰকাৰে জিলাই জিলাই নিৰ্মাণৰ ব্যৱস্থা কৰা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহসমূহৰ অগ্ৰগতি সন্দৰ্ভত দিছপুৰত পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ । ১৭খন জিলাত নিৰ্মীয়মান বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ সমূহৰ কামৰ অগ্ৰগতিৰ বিতং খতিয়ান ল'লে মন্ত্রীগৰাকীয়ে । বিভাগৰ বিষয়া-অভিযন্তাক নিৰ্মাণকাৰ্য আৰু অধিক ক্ষিপ্ৰ কৰি তোলাৰ নিৰ্দেশ মন্ত্রীৰ ।

Car theft in Dispur: এইবাৰ বিধানসভা চৌহদৰ পৰা চুৰি হ’ল বিলাসী বাহন

বুধবাৰে দিগন্ত বৰাই আৰক্ষী আয়ুক্ত হিচাপে প্ৰথমখন সংবাদমেল সম্বোধন কৰি গুৱাহাটীবাসীক শংকিত নহ'বলৈ অভয়বাণী দিয়াৰ পাছতেই আজি দিছপুৰত সংঘটিত বিলাসী বাহন চুৰিৰ ঘটনা । বিধানসভাৰ চৌহদৰ পৰাই চোৰে নিলে এখন বলেৰ’ গাড়ী ।

ULFA cadre arrested: অৰুণাচলত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ সক্ৰিয় কেডাৰ

স্পিয়াৰ কৰ্পছৰ আইজিএআৰ (এন)ৰ মুখ্য কাৰ্যালয়ৰ খোনচা বেটেলিয়ন আৰু আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এজন সক্ৰিয় আলফা স্বাধীনৰ সদস্য । প্ৰাৰম্ভিক জেৰাৰ অন্তত ধৃত লোকজনক পৰৱৰ্তী তদন্তৰ বাবে খোনচা আৰক্ষীক হস্তান্তৰ কৰা হ'ব ।

9 HPCD militants surrender: কাছাৰত উগ্ৰপন্থী সংগঠন ইছ পি চি ডিৰ 9 গৰাকী কেডাৰৰ আত্মসমৰ্পণ

বুধবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষী থানাত মাৰ পিপলছ ডেমক্ৰেটিক (এইছ পি চি ডি) নামৰ উগ্ৰপন্থী সংগঠনটোৰ 9 গৰাকী সদস্যই অস্ত্ৰশস্ত্ৰসহ আৰক্ষীৰ ওচৰতে আত্মসমৰ্পণ কৰে ৷

Student died in Merapani: শিক্ষামূলক ভ্ৰমণত গৈ দেওপাহাৰৰ চিৰিৰ পৰা পিচলি মৃত্যু এজন ছাত্ৰৰ

গোলাঘাট জিলাৰ মেৰাপানীত মৰ্মান্তিক ঘটনা । বিদ্যালয়ৰ শিক্ষামূলক ভ্ৰমণত গৈ দেওপাহাৰৰ চিৰিৰ পৰা পিচলি পৰি মৃত্যু এজন ছাত্ৰৰ ৷ শোকাকুল পৰিৱেশত মৃতদেহ সৎকাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ । বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষকৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ লোকৰ ।

Property Loan: কঠোৰ পৰিশ্ৰমেৰে আৰ্জিত সম্পত্তিৰ বিপৰীতে ঋণ ? চাওক ভাল আৰু বেয়া

সঞ্চয় হৈছে আপোনাৰ বিত্তীয় স্বাধীনতাৰ আধাৰ । কিন্তু ঋণ লোৱাটো কেতিয়াবা অনিবাৰ্য হৈ পৰে । আপোনাৰ ব্যৱসায়িক লক্ষ্য পূৰণ কৰিবলৈ 'সম্পত্তিৰ বিপৰীতে ঋণ' (Loans against property, LAP) ব্যৱহাৰ কৰা হ'ব পাৰে । সেইবোৰ কম বিপদাশংকাপূৰ্ণ আৰু বন্ধকীমুক্ত ঋণৰ তুলনাত উন্নত লাভালাভ লাভ কৰে ।

Last Updated :Dec 22, 2022, 2:20 PM IST

ABOUT THE AUTHOR

...view details