ETV Bharat / state

ULFA cadre arrested: অৰুণাচলত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ সক্ৰিয় কেডাৰ

author img

By

Published : Dec 22, 2022, 10:13 AM IST

স্পিয়াৰ কৰ্পছৰ আইজিএআৰ (এন)ৰ মুখ্য কাৰ্যালয়ৰ খোনচা বেটেলিয়ন আৰু আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এজন সক্ৰিয় আলফা স্বাধীনৰ সদস্য (ULFA cadre arrested in Arunachal Pradesh)। প্ৰাৰম্ভিক জেৰাৰ অন্তত ধৃত লোকজনক পৰৱৰ্তী তদন্তৰ বাবে খোনচা আৰক্ষীক হস্তান্তৰ কৰা হ'ব ।

ULFA cadre arrested
অৰুণাচলত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ সক্ৰিয় কেডাৰ

তেজপুৰ,২২ ডিচেম্বৰ : অৰুণাচলত উত্তৰ-পূৱৰ অন্যতম বিদ্ৰোহী সংগঠন ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অফ আসাম চমুকৈ আলফা (স্বাধীন)ৰ বিৰুদ্ধে অভিযান (Raid against ULFA)। তেনে এক অভিযানৰ মাজতে স্পিয়াৰ কৰ্পছৰ আইজিএআৰ (এন)ৰ মুখ্য কাৰ্যালয়ৰ খোনচা বেটেলিয়ন আৰু আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এজন সক্ৰিয় আলফা স্বাধীনৰ সদস্য (ULFA cadre arrested in Arunachal Pradesh)।

তেজপুৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ এ. এছ. ৱালিয়াই এই সন্দৰ্ভত কয় যে ভাৰত ম্যানমাৰ সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা নোগ্লো গাঁৱলৈ আলফা স্বাধীনৰ কেডাৰৰ চলাচল সম্পৰ্কে এক নিৰ্দিষ্ট ইনপুটৰ ওপৰত ভিত্তি কৰিয়ে টিৰাপ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান চলোৱা হৈছিল । সেনাৰ দলটোৱে সন্দেহজনক নাগৰিকৰ অহা যোৱা কৰা পথত অভিযানটো চলাইছিল ।

উক্ত অভিযানত বুধবাৰে সন্ধিয়া এজন সন্দেহযুক্ত লোকক আইএমবিৰ পৰা নোগ্লো গাঁৱলৈ যোৱা প্ৰত্যক্ষ কৰা হৈছিল । লগে লগে লোকজনক আটক কৰিবলৈ সেনাই জাল পেলাইছিল অৱশ্যে লোকজনে সমীপৰ জংঘলৰ ফালে পলাই যাবলৈ চেষ্টা কৰিছিল । কিন্তু অভিযানকাৰী দলটোৱে অৱশেষত লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (ULFA cadre apprehended in Khonsa Arunachal)।

প্ৰাৰম্ভিক জেৰাৰ সময়ত, এইটো প্ৰকাশ পাইছিল যে লোকজন আলফা স্বাধীনৰ এজন সক্ৰিয় কেডাৰ । তেওঁ হাচী শিবিৰৰ পৰা আহি বিপি 162-ৰ ফালে অনুপ্ৰৱেশ কৰিছে । ইফালে অঞ্চলটোত আলফা স্বাধীনৰ অবৈধ কাৰ্যকলাপৰ আশংকা কৰা হৈছে । লগতে কূটাঘাতৰো আশংকা কৰা হৈছে । প্ৰাৰম্ভিক জেৰাৰ অন্তত ধৃত লোকজনক পৰৱৰ্তী তদন্তৰ বাবে খোনচা আৰক্ষীক হস্তান্তৰ কৰা হ'ব ।

ইফালে ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱস অহাৰ লগে লগে সমগ্ৰ দেশতে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । ঠায়ে ঠায়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে । উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যতে আৰক্ষীয়ে বিভিন্ন স্থানত তালাচী চকী স্থাপন কৰিছে । উগ্ৰপন্থী সংগঠনসমূহৰ কূটাঘাতৰ আশংকা কৰি সেনাৰ সহযোগত সীমান্ত অঞ্চলত বিশেষ অভিযানো আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :Noonmati police raid : নুনমাটি আৰক্ষীৰ অভিযানত ৪ খনকৈ চুৰি মটৰ চাইকেল উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.