ETV Bharat / state

Road Accident at Amguri: বিলাসী বাহনৰ খুন্দাত নিহত পথচাৰী

author img

By

Published : Dec 22, 2022, 12:44 PM IST

one-dead-in-road-accident-at-amguri
ডাচতান গাড়ীয়ে মহতিয়ালে পথচাৰীক

আমগুৰিৰ খৰাগড়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Amguri) ৷ AS-04 P 0167 নাম্বাৰৰ ডাচতান বাহন এখনে এজন পথচাৰীক মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যুৰ মুখত পৰে লোকজন (One death in Road Accident)৷

ডাচতান গাড়ীয়ে মহতিয়ালে পথচাৰীক

আমগুৰি, ২২ ডিচেম্বৰ: আমগুৰিৰ খৰাগড়ৰ সমীপত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Amguri) ৷ বুধবাৰে নিশা আমগুৰিৰ খৰাগড়ৰ সমীপৱৰ্তী দা-ধৰাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ AS-04 P 0167 নাম্বাৰৰ ডাচতান বাহন এখনে এজন পথচাৰীক মহতিয়াই নিয়ে ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় লোকজন (One death in Road Accident)৷ নিহত লোকজনৰ নাম প্ৰবীন গগৈ বুলি জানিব পৰা গৈছে ৷

পৰ্বতীয়া দ-চুকৰ নিবাসী প্ৰবীণ গগৈ নামৰ লোকজনে পকা মিস্ত্ৰীৰ কাম কৰি পৰিয়ালৰ পোহপাল দি আহিছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Sivasagar Civil Hospital) ৷ লগতে দুৰ্ঘটনা সংঘটিত কৰা AS-04 P 0167 নাম্বাৰৰ ডাচতন গাড়ীখন আমগুৰিৰ আৰক্ষীয়ে জব্দ কৰে ৷

আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে সদাব্যস্ত খৰিকটীয়া আলিৰ নামতি চাৰিআলিৰ পৰা শিৱসাগৰ সংযোগী পথচোৱা অতিকৈ ঠেক হোৱাৰ বাবে বহুতো সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ লগতে যোৱা দুটা দিনত ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ দুজনকৈ লোকে মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে, ৰাজ্যত দুৰ্ঘটনা বৃদ্ধি পোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ আৰক্ষী সঞ্চালকগৰাকী মঙলবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল (DGP Bhaskarjyoti Mahanta at Tezpur) অনুষ্ঠিত কৰিছিল ৷

সংবাদমেলত আৰক্ষী সঞ্চালকগৰাকীয়ে কয় যে চলিত বৰ্ষত এতিয়ালৈকে ৬,৩০৮ টা দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইয়াৰে ১০ হাজাৰৰো অধিক লোকে মৃত্যুবৰণ কৰিছে । আনহাতে, ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বিশেষ ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিছে ডিজিপিগৰাকীয়ে । তেওঁ কয় যে অসমত ২০২২ চনত মুঠ ৭,৩৭০ টা দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে চলিত বৰ্ষত ৬,৩০৮ টা দুৰ্ঘটনা সংঘটিত হয় ।

আনহাতে, ২০২১ চনত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৩,০৯১ টাৰ বিপৰীতে চলিত বৰ্ষত বৰ্তমানলৈকে বিভিন্ন পথ দুৰ্ঘটনাত ২,৮৯১ জন লোকৰ মৃত্যু হৈছে । এই সংখ্যা তুলনামূলকভাৱে বিগত সময়ছোৱাতকৈ কিছু কম যদিও এই সংখ্যাও তুলনামূলকভাৱে যথেষ্ট পৰিমাণে বেছি বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য, দুৰ্ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসমৰ আঠখন জিলা শীর্ষত আছে । তাৰে ভিতৰত শোণিতপুৰ জিলাও এখন ।

শোণিতপুৰ জিলাত ২০২১ চনত ৩৩৯ টা দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা ১১৯ জন আৰু চলিত বৰ্ষত ১৪২ জনৰ মৃত্যু হৈছে । আনহাতে, কেৱল তেজপুৰ সদৰ থানাৰ এলেকাতে এই বছৰ ১৬৪ টা দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ৯১ জন লোকে প্ৰাণ হেৰুৱাইছে । আৰক্ষী সঞ্চালকগৰাকীয়ে পুনৰ কয় যে দুৰ্ঘটনাৰ পৰিমাণ কমাবলৈ আৰক্ষীয়ে আগন্তুক উৎসৱসমূহ আৰু মাঘৰ বিহুলৈকে কঠোৰ হ'ব ।

লগতে পঢ়ক: Warning to Drink and Drive : সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ বাৰ্তা অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.