9 HPCD militants surrender: কাছাৰত উগ্ৰপন্থী সংগঠন ইছ পি চি ডিৰ 9 গৰাকী কেডাৰৰ আত্মসমৰ্পণ

author img

By

Published : Dec 22, 2022, 1:14 PM IST

9 HPCD militants surrender in Cachar

বুধবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষী থানাত মাৰ পিপলছ ডেমক্ৰেটিক (এইছ পি চি ডি) নামৰ উগ্ৰপন্থী সংগঠনটোৰ 9 গৰাকী সদস্যই অস্ত্ৰশস্ত্ৰসহ আৰক্ষীৰ ওচৰতে আত্মসমৰ্পণ কৰে (9 HPCD militants surrender in Cachar) ৷

ডিমা হাছাও, 22 ডিচেম্বৰ: কাছাৰ জিলাত মাৰ পিপলছ ডেমক্ৰেটিক (এইছ পি চি ডি) নামৰ উগ্ৰপন্থী সংগঠনটোৰ 9 গৰাকী সদস্যই অস্ত্ৰশস্ত্ৰসহ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে (9 HPCD militants surrender in Cachar) ৷ বুধবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষী থানাত উপস্থিত হৈ এই 9 গৰাকী কেডাৰে দক্ষিণ অসম প্ৰান্তৰ ডিআইজি কংকনজ্যোতি শইকীয়া (DIG South Assam Region Konkanjyoti Saikia) আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মাহাতোৰ (SP Numal Mahato) উপস্থিতিত চাৰিটা পিষ্টলসহ একে ছিৰিজৰ ৰাইফলৰ লগতে 9 টা আগ্নেয়াস্ত্ৰ আৰু গুলী জমা দিয়ে (9 arms and bullets Submitted) ৷

কাছাৰ আৰক্ষীয়ে আত্মসমৰ্পণ সন্দৰ্ভত উল্লেখ কৰি জনায় যে, আত্মসমৰ্পণকাৰী 9 গৰাকী সদস্যই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলেও নতুন বছৰৰ জানুৱাৰী মাহতহে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণৰ অনুষ্ঠান অনুষ্ঠিত হ’ব (surrender ceremony) ৷ এইছ পি চি ডিৰ 9 গৰাকী সদস্যই মধ্যস্থতাকাৰীৰ জৰিয়তে আৰক্ষীলৈ প্রস্তাৱ পঠাইছিল ৷ ইয়াৰ পিচতেই 9 গৰাকী উগ্ৰপন্থী সংগঠনটোৰ এইকেইগৰাকী কেডাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ।

অৱশ্যে বৰ্তমানলৈকে কাছাৰ আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ 9 সদস্যৰ (9 HPCD militants surrender)নাম প্ৰকাশ কৰা নাই ৷ উল্লেখযোগ্য যে, আজিৰ পৰা এক দশক পূৰ্বে ডিমা হাছাও জিলাত এইছ পি চি ডি নামৰ উগ্ৰপন্থী সংগঠনটোৰ একাধিক সদস্যই আত্মসমৰ্পণ কৰিছিল ৷ তাৰ পিচৰে পৰা একপ্ৰকাৰে দুৰ্বল হৈ পৰিছিল সংগঠনটো ৷

লগতে পঢ়ক: HRC on Batdrava eviction:বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰিলে মানৱ অধিকাৰ আয়োগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.