ETV Bharat / state

Review meeting on Planetarium:বিজ্ঞান কেন্দ্ৰ-তাৰকাগৃহৰ নিৰ্মাণ মন্থৰকলৈ অসন্তুষ্ট মন্ত্ৰী

author img

By

Published : Dec 22, 2022, 10:59 AM IST

ৰাজ্য চৰকাৰে জিলাই জিলাই নিৰ্মাণৰ ব্যৱস্থা কৰা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহসমূহৰ অগ্ৰগতি সন্দৰ্ভত দিছপুৰত পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ (Slow pace of construction of Planetarium)। ১৭খন জিলাত নিৰ্মীয়মান বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ সমূহৰ কামৰ অগ্ৰগতিৰ বিতং খতিয়ান ল'লে মন্ত্রীগৰাকীয়ে । বিভাগৰ বিষয়া-অভিযন্তাক নিৰ্মাণকাৰ্য আৰু অধিক ক্ষিপ্ৰ কৰি তোলাৰ নিৰ্দেশ মন্ত্রীৰ ।

Minister Keshav Mahanta in review meeting in Guwahat
বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা

গুৱাহাটী,২১ ডিচেম্বৰ: অসমত বিজ্ঞানক অধিক জনপ্ৰিয়কৰণৰ লগতে বিজ্ঞান মনস্কতাৰ উপযুক্ত পৰিৱেশ গঢ়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জিলাই জিলাই নিৰ্মাণৰ ব্যৱস্থা কৰা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহসমূহৰ অগ্ৰগতি সন্দৰ্ভত বুধবাৰে পৰ্যালোচনা কৰে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshav Mahanta in review meeting at Guwahati) । উক্ত বৈঠকতেই বিভাগীয় বিষয়া-অভিযন্তাক নিৰ্মাণকাৰ্য অধিক ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্রীগৰাকীয়ে ।

দিছপুৰত বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু বিভাগৰ সচিব লয়া মাদ্দুৰী (Department of Science and Technology and Climate), অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (ASTEC) সচিব সাধন সৰকাৰ, বিজ্ঞানী জয়দ্বীপ বৰুৱা, যোৰহাট বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ কিউৰেটৰ ড৹ প্ৰণৱ দুৱৰাৰ লগতে লোক নিৰ্মাণ (গৃহ) বিভাগৰ মুখ্য অভিযন্তা আৰু নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীসকলৰ সৈতে বিভাগীয় মন্ত্ৰীগৰাকীয়ে এখন বৈঠকত মিলিত হয় (Science Centre in Assam) । উক্ত বৈঠকতে ১৭খন জিলাত নিৰ্মীয়মান বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহসমূহৰ কামৰ অগ্ৰগতিৰ বিষয়ে বিতং খতিয়ান লয় । এই বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহসমূহৰ নিৰ্মাণকাৰ্যৰ গতি আশা কৰাতকৈ মন্থৰ হোৱাৰ বাবে বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে । নিৰ্মাণকাৰী সংস্থাৰ লগতে নিৰ্মাণকাৰ্যৰ তদাৰককাৰী লোকনিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া-অভিযন্তাক নিৰ্মাণকাৰ্য আৰু অধিক ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Minister Keshav Mahanta in review meeting in Guwahat
বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা

এছটেকৰ অধীনত আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ, বঙাইগাঁও আৰু ডিফুত নিৰ্মাণ কৰি থকা ছটা জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ ভিতৰৰে মাজুলী জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ নিৰ্মাণকাৰ্য অহা বছৰৰ জুনৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হ'ব বুলি বৈঠকত নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থাই বিভাগীয় মন্ত্ৰীগৰাকীক অৱগত কৰে । অৱশিষ্ট পাঁচটা জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহও ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী মহন্তই সময়সীমা ধাৰ্য কৰে ।

একেদৰে ধুবুৰী, তেজপুৰ, ডিব্ৰুগড়, গোৱালপাৰা, চৰাইদেউ, হাইলাকান্দি, বাক্সা, ওদালগুৰি, বিশ্বনাথ আৰু কৰিমগঞ্জত স্থাপন কৰিবলৈ লোৱা ১১টা তাৰকাগৃহৰ নিৰ্মাণকাৰ্যও পৰ্যালোচনা কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে (Review meeting on Planetarium in Assam) । ইয়াৰে কৰিমগঞ্জ আৰু তেজপুৰত কামেই আৰম্ভ হোৱা নাই যদিও আন নটা তাৰকাগৃহৰ স্থানত ইতিমধ্যে সীমাৰ দেৱাল নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । অৱশ্যে সীমাৰ দেৱাল নিৰ্মাণ আৰু মাটি ভৰ্তিৰ কামৰ বাদে তাৰকাগৃহসমূহৰ মূল নিৰ্মাণকাৰ্যৰ গতি এতিয়াও তেনেই লেহেমীয়া হৈ থকা বাবে মন্ত্ৰী মহন্তই ঠিকাদাৰী সংস্থাৰ পৰা কৈফিয়ৎ বিচাৰে ।

আনহাতে, কৰিমগঞ্জত তাৰকাগৃহৰ মাটিক লৈ সৃষ্টি হোৱা জটিলতা শীঘ্ৰে দূৰীকৰণৰ বাবে জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে বৈঠকত মন্ত্ৰী মহন্তই বিভাগীয় সচিব মাদ্দুৰীক দায়িত্ব অৰ্পণ কৰে । এই পৰ্যালোচনাত বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিটো জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ ক্ষেত্ৰত বিদ্যুৎ পৰিবহন লাইন বৃদ্ধি, চৌহদ সংযোগী প্ৰৱেশ পথ আৰু চৌহদৰ ভিতৰৰ পথ, পানীৰ নিয়মীয়া যোগান, প্ৰয়োজনীয় নলা-নৰ্দমা প্ৰণালী আদিৰ বাবেও আগতীয়াকৈ জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে লোক নিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে ৰাজ্যত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি তথা উদ্ভাৱনীমূলক চিন্তাক উদগণি যোগোৱাৰ লগতে ৰাজ্যবাসীৰ মাজতো বিজ্ঞান মনস্কতাক উৎসাহিত কৰাত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন বিভাগে এছটেকৰ অধীনত জিলাই জিলাই এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহসমূহ নিৰ্মাণৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক:Assam Butter Beans export to London: দৰং জিলাৰ শাক পাচলি ৰপ্তানি হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.