অসম

assam

১৭ আৰু ১৮ ছেপ্টেম্বৰত মাছখোৱাৰ আইটিএ ত সুৰসংগমৰ নৃত্য আৰু সংগীত মহোৎসৱ

By

Published : Sep 14, 2022, 10:40 PM IST

Press meet by Sur Sangam
মাছখোৱাৰ প্রাগজ্যোতিষ আই টি এ ত সুৰসংগমৰ নৃত্য আৰু সংগীত মহোৎসৱ

শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ শিক্ষানুষ্ঠান সুৰসংগমৰ উদ্যোগত অহা ১৭ আৰু ১৮ ছেপ্টেম্বৰত মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এত দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব "সুৰসংগম- নৃত্য আৰু সংগীত মহোৎসৱ" (Sur Sangam Dance and Music Festival)।

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: ৰাজ্যৰ অন্যতম আগশাৰীৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ শিক্ষানুষ্ঠান সুৰসংগমৰ উদ্যোগত অহা ১৭ আৰু ১৮ ছেপ্টেম্বৰত মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এ ত দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব "সুৰসংগম- নৃত্য আৰু সংগীত মহোৎসৱ" (Sur Sangam Dance and Music Festival)।

সেই অনুসৰি অহা ১৭ ছেপ্টেম্বৰত সুৰসংগৰ সংগীত আৰু নৃত্যৰ ন-পুৰণি শিক্ষাৰ্থীসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যগুৰু মৰমী মেধি, মেঘৰঞ্জনী মেধি আৰু শাস্ত্ৰীয় সংগীতজ্ঞ জয়প্ৰকাশ মেধিয়ে অনুষ্ঠান পৰিৱেশন কৰিব (Actress Meghranjani Medhi) ।

মাছখোৱাৰ প্রাগজ্যোতিষ আই টি এ ত সুৰসংগমৰ নৃত্য আৰু সংগীত মহোৎসৱ

সংগীত মহোৎসৱৰ সৈতে সংগতি ৰাখি ১৮ তাৰিখে পৰিৱেশন কৰা হ'ব সুৰসংগমৰ বিশেষ প্ৰস্তুতি "দেৱী" শীর্ষক এখনি নৃত্য-নাটিকা । ডেৰ ঘণ্টীয়া এই নৃত্য-নাটিকাখন কথক নৃত্যশৈলীত পৰিৱেশন কৰা হ’ব । পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন অসমীয়া লোক-সংগীতৰ সৈতে কথক নৃত্যৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰি তোলা হৈছে "দেৱী"। বুধবাৰে সুৰসংগম অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে কথক নৃত্যগুৰু মৰমী মেধিয়ে (Press meet by Sur Sangam)।

দেৱীৰ দুটা ৰূপত অভিনয় কৰিব কথক নৃত্যাগংনা তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধি আৰু সুনীতা কৌশিকে । নৃত্যনাটিকাখনৰ চিত্ৰনাট্য আৰু সংগীত ভাস্কৰজ্যোতি ওজাৰ গুৰু মৰমী মেধিৰ পৰিচালনা আৰু কৰিঅ'গ্ৰাফীৰে সজাই তোলা হৈছে "দেৱী"।

১৮ ছেপ্টেম্বৰৰ সন্ধিয়া ছয় বজাৰ পৰা প্ৰদৰ্শন হ'বলগীয়া "দেৱী" উপভোগ কৰিব বিচৰাসকলে bookmyshow.comত পছন্দৰ আসন সুনিশ্চিত কৰিব পাৰিব অথবা চান্দমাৰীত থকা সুৰসংগমৰ কাৰ্যালয়ৰ পৰা টিকট সংগ্ৰহ কৰিব পাৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক:বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মালৈ তাঁতীকুছি বঁটা

ABOUT THE AUTHOR

...view details