অসম

assam

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণত কেন্দ্ৰৰ সেউজ সংকেত, তৎপৰ ৰাজ্যিক বিজেপি

By

Published : Nov 13, 2022, 2:24 PM IST

Assam

সালসলনি হ'বলগীয়া অঞ্চলত আগতীয়াকৈ চকু ৰাখিবলৈ নেতা-কর্মীক নিৰ্দেশ ৰাজ্যিক নেতৃত্বৰ (BJP strategy over constituency rescheduling)। সুদীৰ্ঘ বছৰৰ অন্তত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'লে স্বাভাৱিকতে প্ৰভাৱ পৰিব আগন্তুক নিৰ্বাচনত । সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে সমষ্টিসমূহত ৰাজনৈতিক দলসমূহৰ ভোটৰ অংক ইফাল-সিফাল হ'ব ।

গুৱাহাটী,১৩ নৱেম্বৰ :আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ সেউজ সংকেত দিছে কেন্দ্ৰীয় চৰকাৰে (Centres green signal on constituency rescheduling)। অৱশ্যে এইক্ষেত্রত এতিয়াও কোনো ধৰণৰ আনুষ্ঠানিকতা হোৱা নাই যদিও অনানুষ্ঠানিক সংকেত লাভ কৰিছে ৰাজ্যিক বিজেপিয়ে । সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ সংকেত লাভ কৰাৰ পাছতেই তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক বিজেপিৰ । পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সমষ্টিৰ সীমা কোনবোৰ অঞ্চলত ইফাল-সিফাল হয় সেই সন্দৰ্ভত দলৰ বিধায়ক, সাংসদকে ধৰি নেতা কর্মীসকলক আগতীয়াকৈ চকু দিবলৈ ৰাজ্যিক নেতৃত্বই নির্দেশ দিছে (BJP strategy over constituency rescheduling)।

উল্লেখ্য যে সুদীৰ্ঘ বছৰৰ অন্তত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'লে স্বাভাৱিকতে আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব । কাৰণ বহু সমষ্টিৰ অঞ্চল কাট খাই আন সমষ্টিত অন্তর্ভুক্ত হ’ব । সমষ্টিয়ে সমষ্টিয়ে অঞ্চল কাট খাই সেই অঞ্চল আন সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ ফলত সমষ্টিসমূহত ৰাজনৈতিক দলসমূহৰ ভোটৰ অংক ইফাল-সিফাল হ'ব ।

সাধাৰণতে কোনবোৰ অঞ্চলত কোনবোৰ ৰাজনৈতিক দলৰ ভোট বেংক সুদৃঢ় সেই কথা সকলো ৰাজনৈতিক দলে আগতীয়াকৈ জানে । তাতে আকৌ জনজাতীয় লোকে বসবাস কৰা অঞ্চল, সংখ্যালঘু বসতি প্রধান অঞ্চল বা আন খিলঞ্জীয়া বসতি প্রধান অঞ্চলসমূহত ৰাজনৈতিক দল অনুযায়ী ভোটাৰৰ দৃষ্টিভংগী পৃথক পৃথক । অর্থাৎ সংখ্যালঘু অধ্যুষিত অঞ্চলত স্বাভাৱিকতে কংগ্ৰেছ বা এ আই ইউ ডি এফৰ ভোটাৰ অধিক হ'ব । সেইদৰে হিন্দু বা আন ধৰ্মৰ বসতি প্রধান অঞ্চলত ভোটাৰৰ দৃষ্টিভংগীও সুকীয়া হ'ব ।

যদি কোনো এটা সমষ্টিত সংখ্যালঘু অধ্যুষিত একোটা বৃহৎ অঞ্চল কৰ্তন হৈ আন সমষ্টিত অন্তর্ভুক্ত হয় তেন্তে স্বাভাৱিকতে সমষ্টিসমূহত পৰৱৰ্তী নিৰ্বাচনত ভোটাৰৰ পৰম্পৰাগত অংক ইফাল-সিফাল হ'ব । জানিব পৰা মতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হোৱাটো নিশ্চিত । সমষ্টিৰ সীমা নিৰ্ধাৰণ নকৰাকৈ নিৰ্বাচন আয়োগে নির্বাচন অনুষ্ঠিত কৰিলে উচ্চতম ন্যায়ালয়ে বাধা দিয়াৰ সম্ভাৱনা আছে । কাৰণ জুলাই মাহতে উচ্চতম ন্যায়ালয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম-কাজ আগুৱাই নিবলৈ নির্বাচন আয়োগক নির্দেশ দিছিল ।

উচ্চতম ন্যায়ালয়ৰ সেই নিৰ্দেশৰ পাছতেই বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা প্রদর্শন কৰিছে । ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে এই ক্ষেত্ৰত সেউজ সংকেত দিয়াত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে ভোটৰ যোগ-বিয়োগ সমষ্টি অনুযায়ী কেনে হ'ব সেই ক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে পৰ্যৱেক্ষণ আৰম্ভ কৰিছে ।

লগতে পঢ়ক :New Political equation of DAC: দেউৰী স্বায়ত্ত-পৰিষদ গঠনৰ নতুন সমীকৰণ, আজি মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব জে পি পি

ABOUT THE AUTHOR

...view details