অসম

assam

KLO govt peace talks: ৰহস্যৰ আৱৰ্তত কে এল অ’ৰে চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া

By

Published : Aug 4, 2023, 2:09 PM IST

Updated : Aug 4, 2023, 2:19 PM IST

পৃথক ৰাজ্যৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ পথলৈ যোৱা কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিল যদিও বৰ্ত্তমান স্থবিৰ সমগ্ৰ প্ৰক্ৰিয়াটো । চৰকাৰৰ হাতোৰাত সোমাই পৰা সংগীবিহীন কে এল অ'ৰ মুৰব্বী জীৱন সিংহ এতিয়া কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ লগতে কেন্দ্ৰীয় সামৰিক বাহিনীৰ চোকা নজৰত । আত্মসমৰ্পণৰ বাবে হেঁচা প্ৰয়োগ কেন্দ্ৰৰ । শান্তি আলোচনাৰ মধ্যস্থতাকাৰীসকলো এতিয়া ৰহস্যজনকভাৱে নীৰৱ ।

KLO govt peace talks
ৰহস্যৰ আৱৰ্তত কে এল অ’ৰে চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া

গুৱাহাটী, 4 আগষ্ট: শান্তি আলোচনাৰ বাবে ওলাই অহা কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ বৰ্তমান ক'ত কিদৰে আছে ? কি পৰ্যায়ত আছে শান্তি আলোচনা প্ৰক্ৰিয়া ? সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত । কেইবা দশকজোৰা সশস্ত্র সংগ্ৰামৰ অন্ত পেলাই ম্যানমাৰৰ পৰা কেইবাজনো সতীৰ্থৰ সৈতে মূলসুঁতিলৈ অহা কমতাপুৰ কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহৰ অন্তৰ্ধানক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে ।

পৃথক ৰাজ্যৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ পথলৈ যোৱা কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিল যদিও সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়া স্থবিৰ হৈ পৰিছে । ম্যানমাৰৰ পৰা পোনে পোনে দিল্লীত উপস্থিত হোৱা জীৱন সিংহক দিল্লীৰ পৰা পুনৰ গুৱাহাটীলৈ ওভতাই অনাৰ পিচতে সমগ্ৰ ঘটনাই নাটকীয়ভাৱে মোৰ সলাইছে ।

ইফালে জীৱন সিংহৰ বৰ্তমান স্থিতিক লৈ বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছে । জীৱন সিংহৰ বৰ্তমান অৱস্থানক লৈ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু শাস্তি আলোচনাৰ মধ্যস্থতাকাৰীসকলৰ লগতে সংগঠনটোৰ আন নেতা তথা কেডাৰসকলেও ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে ।

আনহাতে পূৰ্বতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জীৱন সিংহ অসম চৰকাৰৰ আতিথ্যত থকা বুলি সদৰী কৰিছিল যদিও আলোচনাৰ প্ৰসংগত কোনো কথা সদৰি কৰা নাছিল । মুখ্যমন্ত্রীয়ে সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি মন্তব্য কৰিছিল । বৰ্তমান সময়ত কে এল অ'ৰে শান্তি আলোচনা প্রক্রিয়াক লৈ চৰকাৰে কি ধৰণৰ প্রস্তুতি চলাইছে সেই সন্দৰ্ভতো কোনো পক্ষই মুখ খোলা নাই । এনে পৰিস্থিতিত কে এল অ' আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়াক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, কেন্দ্রীয় চৰকাৰ আৰু কে এল অ'ৰ মাজত হোৱা দীর্ঘদিনীয়া যোগাযোগ, প্রাথমিক আলাপ-আলোচনাৰ অন্তত 13 জানুৱাৰীত সংগঠনটোৰ অধ্যক্ষ জীৱন সিংহই আন 9 গৰাকী সতীৰ্থৰ সৈতে শান্তি আলোচনাত অংশ লোৱাৰ উদ্দেশ্যে ম্যানমাৰস্থিত শিবিৰৰ পৰা ওলাই আহিছিল । কে এল অ’ৰ সৈতে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বহু প্রত্যাশিত শান্তি আলোচনা প্রক্রিয়া কার্যতঃ বৰ্ত্তমান স্থবিৰ হৈ আছে ।

এক বিশেষ সূত্রে জানিব পৰা মতে বিশেষকৈ জীৱন সিংহৰ শিবিৰৰ পৰা বহুসংখ্যক কে এল অ' নেতা-সদস্য আঁতৰি যোৱাৰ পিচতে কেন্দ্ৰীয় চৰকাৰে জীৱন সিংহৰ শিবিৰৰ সৈতে শান্তি আলোচনা প্রক্রিয়া আগবঢ়াই নিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই ।

সূত্ৰটোৰ পৰা জানিব পৰা মতে জীৱন সিংহই শান্তি আলোচনাৰ পূৰ্বেই প্রস্তাৱিত নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ কিছুমান দিশ ৰাজহুৱা কৰাক লৈ কেন্দ্ৰীয় গৃহ মন্ত্রণালয় অসন্তুষ্ট । লগতে কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ পৰিৱৰ্তে পশ্চিমবংগত বিজেপিৰ ভেটি শক্তিশালী কৰাতহে অধিক আগ্রহী । ফলত কে এল অ’ৰে শান্তি আলোচনা প্রক্রিয়া স্তব্ধ হৈ আছে ।

এনে অৱস্থাত চৰকাৰৰ হাতোৰাত সোমাই পৰা কে এল অ'নেতা জীৱন সিংহই কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ লগতে কেন্দ্ৰীয় সামৰিক বাহিনীৰ চোকা নজৰত দিন অতিবাহিত কৰিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে ।

জীৱন সিংহ শান্তি আলোচনাৰ বাবে ওলাই অহা পাঁচ মাহৰো বেছি হ'ল যদিও কেন্দ্ৰীয় চৰকাৰৰ সৈতে কে এল অ'ৰ শান্তি আলোচনা প্রক্রিয়া আজিলৈ আৰম্ভ নহ'ল । এই শান্তি আলোচনা কেতিয়া অনুষ্ঠিত হ’ব সেয়াও অনিশ্চিত হৈ আছে । জানিব পৰা মতে, জীৱনসিংহই ম্যানমাৰ শিবিৰৰ পৰা শান্তি আলোচনাৰ বাবে ওলাই অহাৰ সময়ত কোনো মাৰণাস্ত্ৰ লগত লৈ অহা নাছিল । শান্তি আলোচনা আৰু শান্তি চুক্তি স্বাক্ষৰ হ’বলৈ হ'লে কেন্দ্ৰীয় চৰকাৰক অস্ত্র-শস্ত্ৰ চৰকাৰৰ হাতত জমা দিয়াটো প্রাথমিক চর্ত ।

কিন্তু বিদ্রোহী নেতাজনে চৰকাৰৰ হাতত এতিয়ালৈ এটাও মাৰণাস্ত্ৰ জমা দিবলৈ সক্ষম হোৱা নাই । আনকি কে এল অ’ৰ বহু সদস্যই তেওঁৰ সংগ এৰিছে । এতিয়া নেতাজনৰ হাতত এটাই বিকল্প আছে, সেয়া হৈছে আত্মসমৰ্পণ । চৰকাৰে আনকি ইয়াৰ বাবে তেওঁক হেঁচাও প্ৰয়োগ কৰিছে বুলি জানিব পৰা গৈছে । কিন্তু জীৱন সিংহই আত্মসমৰ্পণ কৰিবলৈ ইচ্ছুক নোহোৱাৰ বাবেই আলোচনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো স্তব্ধ হৈ আছে বুলি জানিব পৰা গৈছে ।

ইফালে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা কে এল অ’ আৰু চৰকাৰৰ মাজৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী বিশ্বজিত ৰায়ৰ সৈতে যোগাযোগ কৰা হৈছিল । বিষয়টো সন্দৰ্ভত তেওঁ কয় যে শান্তি আলোচনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰাটো নিৰাশাজনক । কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক লৈ ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে জাতিটোক প্ৰতাৰণা নকৰি 15 আগষ্টৰ ভিতৰত ইয়াৰ সমাধান কৰক । জীৱন সিংহৰ সৈতে তেওঁৰ টেলিফোনিক যোগাযোগ আছে যদিও দীৰ্ঘ সময় ধৰি দেখা-সাক্ষাৎ হোৱা নাই ।

তেওঁ জনোৱা মতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে জীৱন সিংহক লৈ কিবা ইচ্ছ্যু কৰিব পাৰে । যাৰ বাবে হয়টো শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ আছে । উল্লেখ্য যে, কে এল অ'ৰ অধ্যক্ষগৰাকীক অকলশৰীয়াভাৱে চোৰাংচোৱাৰ জিম্মাত ৰখাৰ বিপৰীতে তেওঁৰ লগত আলোচনাৰ বাবে ওলাই অহা আন সতীর্থসকলক আন কোনো গোপন স্থানত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

এনে এক প্ৰেক্ষাপটত কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ ভূমিকাক লৈ কোঁচ ৰাজবংশী সমাজৰ বিভিন্ন স্তৰত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সকলোৱে শান্তি আলোচনাৰ যোগেদি দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হ’ব বুলি আশা কৰিছিল । আনকি গণৰাজ্য দিৱসৰ কাৰ্যসূচীতে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি সেই সময়ত ব্যাপক চৰ্চা হৈছিল । কিন্তু এতিয়া স্বাধীনতা দিৱস সমাগত । কি হ'ব এই শান্তি আলোচনা প্ৰক্ৰিয়াৰ ভৱিষ্যত সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক :Loksabha election 2024: যুৱ চামক লগত লৈ মছনদ দখলৰ লক্ষ্য; ৰাহুলৰ নতুন অভিযান ‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’

Last Updated :Aug 4, 2023, 2:19 PM IST

ABOUT THE AUTHOR

...view details