ETV Bharat / bharat

Loksabha election 2024: যুৱ চামক লগত লৈ মছনদ দখলৰ লক্ষ্য; ৰাহুলৰ নতুন অভিযান ‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’

author img

By

Published : Aug 4, 2023, 8:20 AM IST

লোকসভা নিৰ্বাচন 2024 ৰ বাবে এইবাৰ যুৱ চামক লগত লৈ জনতাৰ কাষ চপাৰ পৰিকল্পনা কংগ্ৰেছ দলৰ ৷ ‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’ নামেৰে অভিহিত কৰা হৈছে এই অভিযানক ৷ অভিযানত যুৱ চামৰ সৈতে মত-বিনিময় কৰিব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ।

Misson 2024
’জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’ ৰে যুৱ চামৰ কাষ চাপিব ৰাহুল গান্ধীয়ে

নেশ্যনেল ডেস্ক, 4 আগষ্ট : লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন ৷ নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সিমানেই ন ন ৰণনীতিৰে জনতাক আকৰ্ষিত কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে শাসক দলৰ লগতে বিৰোধী শিবিৰকো ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে সমাজখনক সংগঠিত কৰিবলৈ সমগ্ৰ দেশৰ বিভিন্ন শিক্ষানুষ্ঠানবোৰৰ চৌহদলৈ গৈ যুৱ শক্তিৰ সৈতে মত-বিনিময়ত অংশগ্ৰহণ কৰিব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ।

প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষগৰাকীৰ ভাৰত জোড়ো যাত্ৰাৰ সম্প্ৰসাৰণ হিচাপে এই কাম আৰম্ভ কৰা হ’ব ৷ ‘‘ঘৃণাৰ ভাৱ পৰিহাৰ কৰি ভাৰতক একত্ৰিত কৰক’’ এই শ্লোগানেৰে অধ্যক্ষগৰাকীয়ে এই কাৰ্যসূচী আগুৱাই নিব । এই সন্দৰ্ভত NSUI ৰ সভাপতি নীৰজ কুণ্ডনে কয়, "ৰাহুল গান্ধীয়ে আমাৰ শেহতীয়া কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত অংশ লৈ আমাক পথ প্ৰদৰ্শন কৰিছিল । পাৰস্পৰিক ক্ৰিয়া-কলাপসমূহৰ সময়ত আমাৰ কিছুমান বিষয়ববীয়াই পৰামৰ্শ আগবঢ়াইছিল যে, আমি সমগ্ৰ দেশতে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা যুৱক-যুৱতীসকলৰ পাৰস্পৰিক ক্ৰিয়া-কলাপৰ অধিৱেশনত প্ৰাক্তন দলৰ মুৰব্বীগৰাকীয়ে অংশগ্ৰহণ কৰিব লাগে । ৰাহুল গান্ধীয়ে এই প্ৰস্তাৱৰ প্ৰতি সন্মতি আগবঢ়ালে ।"

‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’ নামেৰে অভিহিত কৰা এই অভিযানটো দলৰ যুৱ চামক নতুন বিৰোধী গোটৰ নামটোৰ সৈতে সংযোগ কৰাৰ এক ৰণনীতি হিচাপে পৰিগণিত হৈছে । কুণ্ডনে কয়, ‘‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া অভিযান দেশৰ প্ৰতিখন কলেজ আৰু বিশ্ববিদ্যালয়লৈ লৈ যোৱা হ’ব । আমি এই প্ৰতিষ্ঠানসমূহত সদস্যপদ অভিযান চলাম আৰু তাত নতুন গোট স্থাপন কৰিম ।’’

এন এছ ইউ আইৰ সভাপতিগৰাকীয়ে ETV Bharat ৰ আগত এই সন্দৰ্ভত পুনৰ কয় যে, প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে ঘৃণাৰ ৰাজনীতিক প্ৰত্যাহ্বান জনাব পৰা একমাত্ৰ শক্তি দেশ এখনৰ যুৱ চাম আৰু সেয়া কৰিবলৈ প্ৰতিগৰাকী যুৱককে আগুৱাই আহিবলৈ আহ্বান জনায় ৷ যুৱ শক্তি আৰু দেশখনৰ সবাতোকৈ পুৰণি সৰ্ববৃহৎ ৰাজনৈতিক শক্তিৰ ঐক্যৱদ্ধ প্ৰচেষ্ঠাত ঘৃণাৰ ৰাজনীতি নতজানু হ’ব বুলি আশা কৰে যুৱ নেতা ৰাহুল গান্ধীয়ে ।

উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে শেহতীয়াকৈ জে এন ইউৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতা তথা NSUI ৰ দায়িত্বত থকা কানহাইয়া কুমাৰক এ আই চি চিত নিযুক্তি প্ৰদান কৰে । কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰাৰ 4000 কিলোমিটাৰ দৈৰ্ঘৰ সমগ্ৰ পথটোত ৰাহুলৰ লগত যোৱা 200 ৰো অধিক স্থায়ী কৰ্মীৰ ভিতৰত কানহাইয়া কুমাৰ আছিল অন্যতম ।

“যুৱ চামৰ সৈতে অনুষ্ঠিত হ’বলগীয়া এই প্ৰচাৰৰ সময়ত মণিপুৰ হিংসা, নতুন শিক্ষা নীতি, নিযুক্তি কেলেংকাৰী, সামাজিক ন্যায় আৰু লিংগ বৈষম্য আদি বিষয় সন্দৰ্ভত আলোচনা হ’ব । ঘৃণাৰ বিপৰীতে প্ৰেমৰ ভাৱ বিয়পোৱাত গুৰুত্ব দিয়া হ’ব ।’’ কুণ্ডনে কয়।

এই প্ৰচেষ্টা নতুন নহয় । এপ্ৰিল মাহত দিল্লীৰ মুখাৰ্জী নগৰত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰি ৰাহুলে তেওঁলোকৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । দলটোৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে দেশৰ নিৱনুৱা সমস্যাৰ সদায়ে এক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে আৰু এই বিষয়টোক অৱহেলা কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি আহিছে । যাত্ৰাৰ সময়ত ৰাহুলে যুৱক-যুৱতীসকলৰ সৈতে বিভিন্ন সম-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি সংস্থাপনৰ চিন্তাই যুৱচামৰ মূল চিন্তা বুলি কয় ।

উল্লেখ কৰা প্ৰয়োজন যে, 2014 চনত ৰাহুলে লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ ইস্তাহাৰ প্ৰস্তুত কৰাৰ বাবে যুৱক-যুৱতীসকলৰ মতামত আহৰণৰ লক্ষ্যৰে এক অনুষ্ঠানৰ আয়োজন কৰিছিল । সমগ্ৰ দেশৰ 17-35 বছৰৰ ভিতৰৰ আৰু বিভিন্ন শ্ৰেণীৰ প্ৰায় 250 জন যুৱকক আমন্ত্ৰণ জনোৱা হৈছিল এই অনুষ্ঠানলৈ ৷

লগতে পঢ়ক : INDIA Assam unit of 12 political parties join hands to take on BJP in 2024 Lok Sabha elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.