অসম

assam

Winter Session of assam assembly : দিছপুৰত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠক

By

Published : Nov 28, 2021, 11:24 AM IST

preparation of draft calender for winter session
দিছপুৰত শীতকালীন অধিৱেশনৰ প্ৰস্তুতিৰ বাবে ‘কাৰ্য উপদেষ্টা সমিতি’ৰ বৈঠক

20 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ শীতকালীন অধিৱেশনৰ (Winter Session of assam assembly) খচৰা দিনপঞ্জী প্ৰস্তুত (preparation of draft calender) কৰিবৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত এক বৈঠক অনুষ্ঠিত হয় ৷ সমিতিৰ সকলো সদস্যৰ উপস্থিতিত ‘কাৰ্য উপদেষ্টা সমিতি’ৰ বৈঠকখন সুকলমে হৈ যায় ৷

গুৱাহাটী, 28 নৱেম্বৰ :অসম বিধানসভাৰ শীতকালীন অধিৱেশনখন 20 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব(Winter Session of assam assembly) ৷ ইয়াৰ পূৰ্বে শনিবাৰে দিছপুৰত আৰম্ভ হ'বলগীয়া 2021 বৰ্ষৰ শীতকালীন অধিৱেশনৰ খচৰা দিনপঞ্জী প্ৰস্তুত কৰিবৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৷

দিছপুৰত শীতকালীন অধিৱেশনৰ প্ৰস্তুতিৰ বাবে ‘কাৰ্য উপদেষ্টা সমিতি’ৰ বৈঠক

ইয়াৰ পাছতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ওপৰত আলোচনাৰ বাবে বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত বিধানসভাৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৷ শাসক-বিৰোধী উভয়ে যাতে বিধানসভাৰ মৰ্যদা ৰক্ষা কৰি বিধানসভাৰ সকলো কাৰ্যসূচীত অংশ লয় তথা বিধানসভাৰ কাৰ্য পৰিচালনাত সহযোগ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্নজনে দিহা-পৰামৰ্শ আগবঢ়ায় ৷

দিছপুৰত শীতকালীন অধিৱেশনৰ প্ৰস্তুতিৰ বাবে ‘কাৰ্য উপদেষ্টা সমিতি’ৰ বৈঠক

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত উপাধ্যক্ষ ডাঃ নোমল মমিন, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বক্তব্য আগবঢ়ায় ৷ বৈঠকত মন্ত্ৰীসকলৰ লগতে বিধানসভাৰ সদস্যসকল উপস্থিত আছিল ৷

লগতে চাওক :change in patterns of APSC exam : এতিয়াৰে পৰা অসমীয়াতো লিখিব পাৰিব লোকসেৱা আয়োগৰ পৰীক্ষাত

ABOUT THE AUTHOR

...view details