ETV Bharat / state

change in patterns of APSC exam : এতিয়াৰে পৰা অসমীয়াতো লিখিব পাৰিব লোকসেৱা আয়োগৰ পৰীক্ষাত

author img

By

Published : Nov 27, 2021, 7:06 PM IST

change-in-patterns-of-apsc-exam-assamese-will-be-a-medium-to-write-exam-paper
change in patterns of APSC exam : এতিয়াৰে পৰা অসমীয়াতো লিখিব পাৰিব লোকসেৱা আয়োগৰ পৰীক্ষাত

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক’লে, এতিয়াৰে পৰা অসমীয়া ভাষাতো লিখাৰ ব্যৱস্থা থাকিব‌ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰশাসনিক সেৱাৰ প্ৰাথমিক আৰু মূল পৰীক্ষা । আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বিষয়টো প্ৰত্যাহাৰ কৰিবলৈ লোৱা সিদ্ধান্ত (Removing Assamese language in APSC exam)ক লৈ ৰাজনীতি নকৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

গুৱাহাটী, ২৭ নৱেম্বৰ: এতিয়াৰে পৰা লোকসেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰশাসনিক সেৱাৰ প্ৰাথমিক আৰু মূল পৰীক্ষা উভয়তে অসমীয়া ভাষাত ভাগ ল’ব পাৰিব পৰীক্ষাৰ্থীয়ে । শনিবাৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । শনিবাৰে বিয়লি গুৱাহাটীত এখন সংবাদমেলত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । এয়া এক যুগান্তকাৰী সিদ্ধান্ত বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, তেওঁ মুঠেও অৱগত নাছিল যে অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়া ভাষাত ভাগ লোৱাৰ কোনো ব্যৱস্থা ইমানদিনে নাছিল(Assamese language in APSC exam) ।

কিন্তু দুজন যুৱকে কালি হোৱাটচআপ মেছেজ যোগে তেওঁক এই বিষয়ে অৱগত কৰে । ইয়াৰ পিছতেই আজি তাৎক্ষণিক ভাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰে পৰা অসমীয়া ভাষাতো লিখাৰ ব্যৱস্থা থাকিব‌ । আনহাতে, বঙাইগাঁও কেবিনেটত লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বিষয়টো প্ৰত্যাহাৰ কৰিবলৈ লোৱা সিদ্ধান্ত (Removing Assamese language in APSC exam) সম্পৰ্কে বিভিন্ন পক্ষই একো নজনাকৈয়ে চিঞৰ বাখৰ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

change in patterns of APSC exam : এতিয়াৰে পৰা অসমীয়াতো লিখিব পাৰিব লোকসেৱা আয়োগৰ পৰীক্ষাত

মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া ভাষাৰ এখন কাকত লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক কৰা সিদ্ধান্তটো ২০১৮ চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ (Sarbananda sonowal government in Assam)সময়তে লোৱা হৈছিল যাৰ বিৰুদ্ধে একাংশ অসমীয়া লৰা-ছোৱালীয়েই উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল ।

গতিকে আমাৰ চৰকাৰৰ দিনতেই লোৱা এটা ভুল সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বঙাইগাঁও কেবিনেটত সিদ্ধান্ত লোৱা হৈছে । কিয়নো, পূৰ্বৰ সেই ব্যৱস্থা বাহাল থাকিলে ইংৰাজী মাধ্যমত অধ্যয়ন কৰা বহু অসমীয়া লৰা ছোৱালীয়েই লোকসেৱা আয়োগৰ পৰীক্ষাত ভাগ লব নোৱাৰিব । ইয়াৰ পৰিবৰ্তে সলসলীয়াকৈ অসমীয়া ভাষা ক’ব পৰা, অসমৰ নিয়োগ বিনিময় কেন্দ্ৰ(Employment exchange in Assam)ত নাম পঞ্জীয়ন থকা আৰু অসমৰ স্থায়ী বাসিন্দা হোৱাৰ চৰ্ত ৰখা হ'ল ।

এয়া কেতিয়াও জাতি বিৰোধী সিদ্ধান্ত হব নোৱাৰে বুলি কৈ তেওঁ অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যমৰ নামত জাতিটোক আৰু দূৰ্বল-বিভক্ত নকৰিবলৈও আহ্বান জনায় । তেওঁ কয়, এনেয়ে অসমীয়া জাতি এফালৰ পৰা পিষ্ট হৈ আহিছে, গতিকে জাতিটোক যাতে আৰু দূৰ্বল নকৰে তাৰ প্ৰতি সংশ্লিষ্ট সকলক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় - " ইয়াক লৈ ৰাজনীতি নকৰিব । ৰাজনৈতিক দলক কিদৰে চম্ভালিব লাগে সেয়া মই জানো । "

লগতে পঢ়ক : Increase in liquor price : পেট্ৰ'ল-ডিজেলৰ ক্ষতি পূৰণ কৰিবলৈ পুনৰ সুৰাৰ মূল্য বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.