অসম

assam

মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মজদুৰ ইউনিয়নৰ প্ৰতিবাদী সভা

By

Published : Sep 27, 2021, 7:58 PM IST

কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতাৰে গুৱাহাটীৰ মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মজদুৰ ইউনিয়নৰ প্ৰতিবাদী সভা । দেশৰ লাভজনক উদ্যোগসমূহৰ ব্যক্তিগতকৰণ, ৰে'ল বিভাগৰ খালী পদত নিযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে মজদুৰ ইউনিয়নে ।

Majdur union protest at Maligaon
মালিগাঁৱত উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মজদুৰ ইউনিয়নৰ প্ৰতিবাদী সভা

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : সোমবাৰে গুৱাহাটীৰ মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মজদুৰ ইউনিয়নৰ প্ৰতিবাদী সভা । কেন্দ্ৰীয় চৰকাৰে দেশৰ লাভজনক ৰাজহুৱা উদ্যোগ ব্যক্তিগতকৰণ কৰা, ৰে'লৱেৰ খালী পদত নিযুক্তিৰ বাবে গঠন কৰা ৰে'লৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ড(RRB) আৰু ৰে'লৱে ৰিক্ৰুইটমেণ্ট চেল (RRC) বন্ধ কৰি নেশ্যনেল টেষ্টিং এজেঞ্চী (NTA)ৰ জৰিয়তে ৰে'লৰ খালী পদসমূহ পূৰণ কৰিবলৈ যো-জা চলোৱা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰে মজদুৰ ইউনিয়নে ।

সোমবাৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ সদৰ কাৰ্যালয় মালিগাঁৱত অনুষ্ঠিত মজদুৰ ইউনিয়নৰ এই প্ৰতিবাদী সভাত ইউনিয়নৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক কনক বৰ্মনে ক্ষোভ প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ লাভজনক উদ্যোগসমূহ ব্যক্তিগতকৰণ কৰাৰ পাছত ৰে'লৰ নিযুক্তিও এটা ব্যক্তিগত এজেঞ্চীৰ জৰিয়তে কৰিবলৈ ওলাইছে । ৰে'লৰ খালী পদত নিযুক্তিৰ বাবে বৰ্তমান দেশত থকা ২১ খন আৰ আৰ বি আৰু ১৬ খন আৰ আৰ চি বন্ধ কৰি দিয়াৰ যো-জা চলাইছে ।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বৰ্মনে কয় যে, ইয়াৰ ফলত ৰে'ল বিভাগৰ যিকোনো জ'নতে পদ খালী হ'লে প্ৰস্তাৱিত এজেঞ্চীৰ জৰিয়তে প্ৰাৰ্থীয়ে পৰীক্ষা দিব লাগিব । এনে ব্যৱস্থাই নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱাসকলক ৰে'লৰ চাকৰিৰ পৰা বঞ্চিত কৰিব বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা যুৱক-যুৱতীক উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ চাকৰিত নিযুক্তি দিয়াৰ দাবী তুলি হোৱা আন্দোলনৰ ফলশ্ৰুতিত ১৯৭৯ চনত ৰে'লৱে চাৰ্ভিচ কমিচন গঠিত হৈছিল ।

সেই সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভালেসংখ্যক যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিছিল । ১৯৮৫ চনত এই কমিচনৰ নাম সলনি কৰি ৰে'লৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ড হিচাপে নামকৰণ কৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৰ খালী পদৰ বিপৰীতে দেশৰ আন আন অংশৰ প্ৰাৰ্থীয়েও আবেদন কৰাৰ ব্যৱস্থা কৰে ।

যিহেতু ৰে'লৰ সকলো জ'নতে খালী পদৰ বিপৰীতে বিভিন্ন সময়ত পৰীক্ষা অনুষ্ঠিত হয় গতিকে একেজন প্ৰাৰ্থীয়ে সকলো জ'নতে আবেদন কৰিব পাৰিছিল । ফলত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত অধিকাংশ বহিঃৰাজ্যৰ যুৱক-যুৱতীয়ে নিযুক্তি পাই আহিছে । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মজদুৰ ইউনিয়নৰ তেতিয়াৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তাৰ হেঁচাত ৰে'ল ব’ৰ্ডে দেশৰ সকলো ৰে'লতে নিযুক্তিৰ বাবে হ'বলগীয়া পৰীক্ষা একে তাৰিখতে কৰা বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে । এতিয়া ৰে'ল বিভাগৰ সকলো জ'নৰ বাবে এটা ব্যক্তিগত এজেঞ্চিৰ জৰিয়তে নিযুক্তিৰ ব্যৱস্থা কৰিলে নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতী বঞ্চিত হ'ব বুল বৰ্মনে মন্তব্য কৰে ।

ৰে'ল বিভাগৰ দ্বাৰা পৰিচালিত দেশৰ ৯৪ খন বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰো বৰ্মনে বিৰোধিতা কৰে । মালিগাঁও শাখাৰ পংকজ কলিতাই আঁত ধৰা সভাখনত ৰিজিঅ'নেল কো-অৰ্ডিনেচন কমিটী(পোষ্টেল)ৰ আহ্বায়ক গৰ্গ তালুকদাৰ আৰু যৌথ মঞ্চৰ নেতা ভৱেন কলিতাই জনসাধাৰণৰ ধনেৰে নিৰ্মিত দেশৰ উদ্যোগসমূহ বিক্ৰী নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দি কয় যে, ৰাজহুৱা উদ্যোগ ব্যক্তিগতকৰণ কৰিলে দেশৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন চলাই যাব । উল্লেখযোগ্য যে সংযুক্ত কিষাণ মঞ্চই আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থনত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মজদুৰ ইউনিয়নে সোমবাৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ সকলো ঠাইতে প্ৰতিবাদী সভা, ধৰ্ণা আদি কাৰ্যসূচী অনুষ্ঠিত কৰে ।

লগতে পঢ়ক:বিজুলী ভৱনত ঢেৰেকনি : থৰকাচুটি হেৰাইছে বহুজনৰ

ABOUT THE AUTHOR

...view details