ETV Bharat / state

বিজুলী ভৱনত ঢেৰেকনি : থৰকাচুটি হেৰাইছে বহুজনৰ

author img

By

Published : Sep 27, 2021, 5:37 PM IST

বিজুলী ভৱন আৰু জনতা ভৱনৰ বহু বিষয়া মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জালত পৰাৰ সম্ভাৱনা ৷ এপিডিচিএলৰ প্ৰাক্তন অধ্যক্ষ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ অ'এছডি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জালত পৰাৰ পিছতে বিজুলী ভৱন আৰু জনতা ভৱনৰ বহু বিষয়া জালত পৰাৰ আশংকা কৰা হৈছে ৷

vk pipersenia
ভি কে পিপাৰচেনিয়া

গুৱাহাটী, 27 ছেপ্টেন্বৰ : পূৰ্বৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত এপিডিচিএল(Assam Power Distribution Company Limited)ত ১,৬০০ নতুন পদত নিযুক্তিৰ নামত শক্তি বিভাগত যি চাকৰিৰ বজাৰ বহিছিল সেয়া যে দিছপুৰলৈকে শিপাইছিল সেই সন্দেহ ক্ৰমাৎ ঘনীভূত হৈ উঠিছে ৷ বিশেষকৈ এপিডিচিএলৰ প্ৰাক্তন অধ্যক্ষ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ অ'এছডি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জালত পৰাৰ পিছত এতিয়া থৰকাচুটি হেৰাইছে বিজুলী ভৱনৰ লগতে জনতা ভৱনৰো বহু বিষয়াৰ ।

ইয়াৰ মাজতে ভি কে পিপাৰচেনিয়াৰ ফালেও সন্দেহৰ আঙুলি উঠিছে ৷ মন কৰিবলগীয়া যে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ দিছপুৰত বহিয়েই এপিডিচিএলৰ অধ্যক্ষ পদৰ পৰা পিপাৰচেনিয়াক অপসাৰণ কৰিছিল ৷

লগতে পঢ়ক : আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

ইফালে, এপিডিচিএলৰ এই বিয়াগোম নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ইতিমধ্যে দহজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে বিপদৰ গোন্ধ পাই এপিডিচিএলৰ মুখ্য মহাপ্ৰৱন্ধক আতাউৰ ৰহমানে ইতিমধ্যে পলায়ন কৰিছে ৷ সম্প্ৰতি এইজন অভিযুক্তই তেওঁৰ ম'বাইলৰ পৰা চিমকাৰ্ড উলিয়াই পেলোৱাত তেওঁৰ অৱস্থিতি নিৰ্দ্ধাৰণ কৰাত বিমোৰত পৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ ।

জানিব পৰা মতে, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বিজুলী ভৱনৰ কেইবাজনো বিষয়াই ৰাজ্যৰ দুগৰাকী নামী দামী অধিবক্তাৰ জড়িয়তে উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লোৱাৰ বাবে নামি পৰিছে যদিও সফল হব পৰা নাই ৷

লগতে পঢ়ক : বিপদজনক: বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান বাইহাটা চাৰিআলি উপ-সংমণ্ডলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.