ETV Bharat / state

আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

author img

By

Published : Sep 27, 2021, 4:27 PM IST

ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোমবাৰে বিয়লি ৩ বজাৰ লগে লগে অসম বিধানসভা সচিবালয়ত ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

Sarbananda Sonowal elected to Rajya Sabha
আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : বিনা প্ৰতিদ্বন্দিতাৰে, বিনা যুদ্ধে ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোমবাৰে বিয়লি ৩ বজাৰ লগে লগে অসম বিধানসভা সচিবালয়ত ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে আৰু সোণোৱালৰ হাতত বিজয়ীৰ প্ৰমাণপত্ৰ তুলি দিয়ে ।

আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

সোণোৱালক এই সময়চোৱাত সংগ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংসদ কুইন ওজা, মন্ত্ৰী পীযুষ হাজৰিকা আদিয়ে । সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সোণোৱালে তেওঁক বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত কৰি পঠোৱাৰ বাবে শাসক-বিৰোধী উভয় পক্ষকে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, সোমবাৰে সৰ্বানন্দ সোণোৱাল আনুষ্ঠানিকভাৱে বিজয়ী হোৱাৰ লগে লগে লোকসভা আৰু ৰাজ্যসভা উভয়তে অসমৰ বিজেপিৰ সাংসদৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পালে । ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ বাবে খালি হৈছিল এইখন আসন । সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ ছমাহৰ ভিতৰত সংসদলৈ নিৰ্বাচিত হৈ অহাটো সাংবিধানিক নিয়ম আৰু বাধ্যবাধকতা ৷

লগতে পঢ়ক: নগাঁৱত অৰ্ধ শতাধিক বন্ধ সমর্থকক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.