বিপদজনক: বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান বাইহাটা চাৰিআলি উপ-সংমণ্ডলৰ

By

Published : Sep 27, 2021, 5:16 PM IST

thumbnail

অসম শক্তি বিতৰণ কোম্পেনীৰ বাইহাটা চাৰিআলি উপ-সংমণ্ডলৰ আজৱ কাণ্ড । বাঁহৰ খুঁটা আৰু টেলিফোনৰ খুঁটাত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি বিদ্যুৎ যোগান । বাইহাটা চাৰিআলি বিদ্যুৎ উপ-সংমণ্ডলে তুলামাটি গাঁৱত আওপুৰণি বিদ্যুতৰ তাঁৰবোৰ ওলমি যোৱাত টেলিফোনৰ খুঁটা আৰু বাঁহৰ খুঁটাত বান্ধি দিছে বিদ্যুৎ পৰিবাহী তাঁৰ । কিমান বিপদজনক সেয়া স্থানীয় লোকেহে উপলব্ধি কৰিছে । প্ৰতিদিনে এক আতংকত দিন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে । তদপুৰি বৰগাঁৱতো একে দৃশ্য । বৰগাঁৱতো বিদ্যুৎ পৰিবাহী তাঁৰ বন্ধা হৈছে বাঁহৰ খুটাত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.